১৪-১৫ অক্টোবৰত মথুৰাত 'মথুৰা-বৃন্দাবন মহোৎসৱ'

১৪-১৫ অক্টোবৰত মথুৰাত "মধুৰা-বৃন্দাবন মহোৎসৱ"

author-image
Asomiya Pratidin
New Update
১৪-১৫ অক্টোবৰত মথুৰাত 'মথুৰা-বৃন্দাবন মহোৎসৱ'

ডিজিটেল সংবাদ,ধুবুৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ আদৰ্শ ,বৰ্ণিল কৃষ্টি আৰু সৃষ্টিসমূহক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে "শ্ৰী শ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰ"ই। এই কেন্দ্ৰৰ উদ্যোগত উত্তৰ প্ৰদেশৰ মথুৰাত গুৰুদুজনাই প্ৰৱৰ্তন কৰা একশৰণ নাম ধৰ্মক ব্যাপক পৰিসৰত সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্য আগত ৰাখি অসমৰ ঐতিহ্যপূৰ্ণ সত্ৰীয়া সংস্কৃতিক বিশাল পৰিসৰত প্ৰদৰ্শন কৰাৰ বাবে অহা ১৪-১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ মথুৰাত "মথুৰা-বৃন্দাবন মহোৎসৱ" উৎযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

Advertisment

কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই মহোৎসৱৰ কাৰ্য্যসূচী সদৰি কৰি প্ৰকাশ কৰা এটা বিবৃতিত কয় যে, ১৪ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ পৰা যোৱা দুই শতাধিক ভকতবৃন্দই বাকে বিহাৰী মন্দিৰ, ইস্কন মন্দিৰ আৰু প্ৰেম মন্দিৰ দৰ্শন কৰি অসমৰ বৰ্ণিল সংস্কৃতি বৈশিষ্টসমূহ উক্ত অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰচাৰ কৰি মহোৎসৱৰ পাতনি মেলা হ'ব।

১৫ অক্টোবৰৰ কাৰ্য্যসূচী অনুসৰি মথুৰাৰ নওগাঁওত পুৱা ১০ বজাত বৃক্ষ ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ'ব। এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি উদ্ধৱ পাঠকে। ১০ বাজি ৩০ মিনিটত মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰিব কাৰ্য্যকৰী সভাপতি থানেশ্বৰ মালাকাৰে। ১১ বজাত মধুপুৰ সত্ৰ সমিতিৰ সদস্য ৰবীন্দ্ৰ নাথ দাসৰ পৰিচালনাত নাম-প্ৰসংগ অনুষ্ঠিত হ'ব।

দিনৰ ১২ বজাত হ'বলগীয়া ভাগৱৎ শোভাযাত্ৰা উদ্বোধন কৰিব ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়। সেইদিনাই দিনৰ ১২ বাজি ৩০ মিনিটত শংকৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় পত্ৰিকা উন্মোচন কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক অবনীৰঞ্জন পাঠকে। দিনৰ ১ বজাৰ পৰা গুৱাহাটীৰ বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰৰ আয়তীসকলে থিয় নাম পৰিৱেশন কৰিব। সেইদিনা আবেলি শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা দৰ্শনেৰ মহোৎসৱৰ সামৰণি পৰিব।

উল্লেখযোগ্য যে, মথুৰাত এটা ভকত গৃহ নিৰ্মাণৰ বাবে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যে তেওঁৰ সাংসদ পুঁজিৰ পৰা ২৫ লাখ টকাৰ অনুদান আগবঢ়াইছে। সাংসদগৰাকীয়ে মহোৎসৱৰ সময়তেই এই ভকত গৃহৰ আধাৰশিলা স্থাপন কৰিব।

Also Read: স্বৰ্ণ পদক বিজয়ী মেধাৱী ছাত্ৰ আব্দুল মতালিবক সম্বৰ্ধনা