কুমতীয়া নৈৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ব’হাগ বিহুৰ পূৰ্বেই মথাউৰি নিৰ্মাণৰ কাম শেষ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়া অভিযন্তাসকলক নিৰ্দেশ
মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ডিজিটেল সংবাদ,ধেমাজিঃ জীয়াঢলৰ কুমতীয়া নৈৰ সোঁপাৰৰ মথাউৰিটো পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ বুধবাৰে ধেমাজিলৈ অহা মন্ত্ৰীগৰাকীয়ে পোন প্ৰথমতেই জীয়াঢলৰ কোমতীয়া নদীৰ সোঁপাৰৰ মথাউৰি নিৰ্মান হৈ থকা অঞ্চল পৰিদৰ্শন কৰিবলৈ যায় ৷

উল্লেখ্য যে বিগত বৰ্ষত জীয়াঢলৰ বানত কুমতীয়া সোঁপাৰৰ মথাউৰিটো বগলীজানত কিছু অংশ বানে উঠাই নিছিল ৷ চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰী পৰা বিধৱস্ত অঞ্চল বগলীজানত সংশ্লিষ্ট বিভাগৰ দ্বাৰা ঠিকাদাৰে কাম আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ক্ষীপ্ৰতাৰে মথাউৰি নিৰ্মানৰ কাম আগবঢ়া নাই ৷

নিৰ্মীয়মাণ অৱস্থাত থকা মথাউৰিটোৰ কামৰ অগ্ৰগতিৰ বুজ লয় আৰু ব’হাগ বিহুৰ পূৰ্বেই মথাউৰি নিৰ্মাণৰ কাম শেষ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়া অভিযন্তাসকলক নিৰ্দেশ দিয়ে ৷ নিৰ্মাণস্থলীতে মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰক কাম সোনকালে সম্পূৰ্ণ কৰা , পৰ্যাপ্ত শ্ৰমিক আনুষংগিক সামগ্ৰী অভাৱ নঘটাকৈ যিকোনো প্ৰকাৰে মথাউৰি নিৰ্মানৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে মন্ত্ৰীয়েগৰাকীয়ে শ্ৰমিক আৰু অভিযন্তাই প্ৰতিদিনে কিমান মিটাৰ কাম আদায় কৰিব , শ্ৰমিকৰ কাৰ্যদক্ষতা , কামৰ সময় কিমান লৈ বৃদ্ধি কৰিব ,আদি সমগ্ৰ কামৰ ওপৰত খতিয়ান অহা কাইলৈৰ ভিতৰত জমা দিবলৈও নিৰ্দেশ দিয়ে ৷ ইফালে মথাউৰি কাম সম্পূৰ্ণ হ'লেই পাকুপাইন স্থাপন কৰা আদি আনুসংগিক কামবোৰো তৎকালীনভাৱে কৰিব পাৰিব বুলি জানিবলৈ দিয়ে ৷

ইপিনে সাংবাদিকসকলৰ সৈতে হোৱা কথা বাৰ্তাত মন্ত্ৰী মহন্তই এইবাৰ পূৰ্বৰ তুলনাত মথাউৰিটো যথেষ্ট আহল-বহলকৈ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি আগন্তুক বাৰিষা বানৰ কৰালগ্ৰাসৰ পৰা অঞ্চলবাসীয়ে সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰাৰ কালত ধেমাজি জিলা অগপৰ বিষয় -ববীয়া আৰু জলসম্পদ বিভাগৰ বিষয়-কৰ্মচাৰী সকলে উপস্থিত থাকে ৷

ইপিনে চলিত মাহৰ ৩১ মাৰ্চ আৰু ১ ,২ এপ্ৰিলত তিনিদিনীয়াকৈ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগা দ্বি-বাৰ্ষিক সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ এই উদ্দেশ্য বিয়লি প্ৰায় ১-৩০ বজাত ধেমাজি আবৰ্ত্তত মইনা পাৰিজাতৰ শিশু সমাৰোহৰ কৰ্মকৰ্তা সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷

আলোচনাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত থকা ধেমাজি জিলা উপায়ুক্ত আৰু জিলাৰ উন্নয়ন আয়ুক্তগৰাকীক মইনা পাৰিজাতৰ শিশু সমাৰোহৰ কামকাজৰ সৈতে সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷ বিয়লি প্ৰায় ৩ বজাত মন্ত্ৰীগৰাকীয়ে ধেমাজিত ইতিমধ্যে ৬০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'বলগা ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ কামকাজৰ পৰিদৰ্শন কৰি অহা ৩ বছৰৰ ভিতৰত ধেমাজিক এই চিকিৎসা মহাবিদ্যালয় প্ৰদান কৰিব বুলিও মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীৰ লগত লখিমপুৰ লোকসভা সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুও উপস্থিত থাকে ৷

মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
বৃদ্ধাশ্ৰমত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in