বৃদ্ধাশ্ৰমত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ

নাৰীক আগবঢ়ায় নিব লাগিব নাৰীয়ে । প্ৰতিখন ঘৰ শুনি কৰিব লাগিব

author-image
Asomiya Pratidin
New Update
বৃদ্ধাশ্ৰমত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ

ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি "সদৌ অসম মহিলা কৰ্মচাৰী সন্থা"ৰ তৰফৰ পৰা মহানগৰীৰ কাহিলীপাৰাৰ নৰকাসুৰস্থিত "চেনেহ ভৱদা দেৱী মেমৰিয়েল ফিলানথ্ৰোপিক ট্ৰাষ্ট" বৃদ্ধাশ্ৰমত আই-মাতৃসকলৰ মাজত নিত্য নৈমিত্তিক ব্যৱহাৰ্য সামগ্ৰী, খোৱা-খাদ্য বিতৰণ কৰে ।

Advertisment

অনুষ্ঠানত মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা অঞ্জনা দাস হাজৰিকা, সাধাৰণ সম্পাদিকা মাইকণ দেৱী, সহকাৰী সম্পাদক মীনাক্ষী সিনহা, সদস্যা মজিদা আনচাৰী, ৰফিকা বেগম, নিভা বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক সদস্যা উপস্থিত থাকে । মহিলা কৰ্মচাৰী সন্থাৰ বদান্যতাক বৃদ্ধাশ্ৰমৰ আই-মাতৃসকলে ভূয়সী প্ৰশংসা কৰে ।

মহিলা কৰ্মচাৰী সন্থাৰ নেত্ৰী মীনাক্ষী সিনহাই কয় প্ৰতিগৰাকী নাৰীয়ে অইন এগৰাকী নাৰীৰ দুখ বেদনা বুজিব লাগিব । নাৰীক আগবঢ়ায় নিব লাগিব নাৰীয়ে । প্ৰতিখন ঘৰ শুনি কৰিব লাগিব । বুজাই বঢ়াই যোগাত্মক চিন্তাৰে আগবঢ়াই নিব লাগিব বুলি কয় ।

Also Read: অপূৰ্ণা নাৰ্জাৰীৰ সফলতা : ভিয়েটনামত ভাৰতীয় ফুটবল দলক নেতৃত্ব দিছে অপূৰ্ণাই

old age homes international women's day