এ আই চি চিত ব্যাপক ৰদ-বদল : জীতেন্দ্ৰ সিঙক পুনৰ অসমৰ প্ৰভাৰীৰ দায়িত্ব

এ আই চি চিত ব্যাপক ৰদ-বদল : জীতেন্দ্ৰ সিঙক পুনৰ অসমৰ প্ৰভাৰীৰ দায়িত্ব

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে এ আই চি চিত ব্যাপক ৰদ-বদল। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে অবিনাশ পাণ্ডেক। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ প্ৰভাৰীৰ দায়িত্বত আছিল প্ৰিয়ংকা গান্ধী।

আনহাতে মোহন প্ৰকাশক বিহাৰৰ প্ৰভাৰীৰ দায়িত্ব দিয়া হৈছে। শচীন পাইলটক ছত্তিশগড়ৰ প্ৰভাৰীৰূপে নিযুক্তি প্ৰদান কৰা হৈছে। ইফালে ৰমেশ ছিন্নি থালাক মহাৰাষ্ট্ৰৰ প্ৰভাৰীৰূপে নিযুক্তি দিয়ে।

ইয়াৰোপৰি এ আই চি চিৰ সাধাৰণ সম্পাদক হিচাপে থাকিব কে চি বেণুগোপাল। মুকুল ৱাজনিকক গুজৰাটৰ প্ৰভাৰীৰ দায়িত্ব দিয়া হৈছে। আনহাতে ৰণদীপ সিঙ সূৰ্যৱালাক কৰ্ণাটকৰ প্ৰভাৰীৰ দায়িত্ব দিয়া হৈছে। ইফালে অসমৰ দায়িত্বত অপৰিৱৰ্তিত থাকিল জীতেন্দ্ৰ সিং। জীতেন্দ্ৰ সিঙকে পুনৰ অসমৰ প্ৰভাৰীৰূপে নিযুক্তি দিয়া হৈছে।

এ আই চি চিত ব্যাপক ৰদ-বদল : জীতেন্দ্ৰ সিঙক পুনৰ অসমৰ প্ৰভাৰীৰ দায়িত্ব
বিশ্বনাথত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in