/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/6fjo95g4/618c4e84-af1e-486f-be0d-0f10e2bf8027.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া : দেশ কপোঁৱা কলকাতাৰ আৰ জি কৰ হাস্পতালৰ হত্যাকাণ্ডৰ ঘটনাকলৈসমগ্ৰ দেশত অৱ্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ মাজতে শনিবাৰে ন্যায় বিচাৰি ৰঙিয়াত চিকিৎসকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে ৰঙিয়াৰ অসামৰিক চিকিৎসালয়ত চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে চৌহদত প্ৰতিবাদী কণ্ঠ অব্যাহত ৰাখে। আমচা আৰু আই এম এৰ উদ্যোগত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/hu4ayhww/23b07ffc-85a4-4d76-9114-856677c53350.jpg)
ইফালে সমগ্ৰ দেশ জোঁকাৰি যোৱা জঘন্য ঘটনা আৰু লোমহৰ্ষক হত্যাকাণ্ডৰ বিৰুদ্ধে ৰঙিয়া মহাবিদ্যালয় ছাত্র সমাজেও প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা সকলো কৰ্মচাৰীয়ে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/h1fetadr/242c0f1c-5174-4396-8227-dbe8895d6fa0.jpg)
মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে হাতে-হাতে বেনাৰ, ফেষ্টুন লৈ ৰঙিয়াৰ ৰাজপথত সমদল উলিয়াই আকাশ-বতাহ উত্তাল কৰি তোলে। ইয়াৰোপৰি এন এচ ইউ আয়েও প্ৰতিবাদ সাৱ্যস্ত কৰে।
উক্ত ঘটনাৰে অভিযুক্ত সঞ্জয় ৰয়সহ প্ৰত্যেকগৰাকী অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবীত মমবাতি লৈ এন এচ ইউ আইয়ে মৌন প্ৰতিবাদী সমদল উলিয়ায়। অতি শীঘ্ৰে অভিযুক্তক কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰে।
উক্ত ঘটনাৰ ন্যায় বিচাৰি ধুবুৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধুবুৰী শাখাৰ উদ্যোগত এক প্ৰতিবাদী সলদল বাহিৰ কৰা হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধুবুৰী শাখাৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলে বি এন কলেজৰ পৰা এই প্ৰতিবাদী সমদল উলিয়াই চহৰখনৰ বিভিন্ন বাট-পথ অতিক্ৰম কৰি পাঁচমোৰত প্ৰতিবাদী সমদলৰ অন্ত পেলায়। আজি প্ৰতিবাদকাৰীসকলে এই জঘন্য হত্যাকাণ্ডত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী জনায়।
Also Read: আৰ জি কৰ চিকিৎসক কাণ্ড : জামুগুৰিহাটত প্ৰতিবাদী সমদল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us