আৰ জি কৰ চিকিৎসক কাণ্ড : জামুগুৰিহাটত প্ৰতিবাদী সমদল

আৰ জি কৰ চিকিৎসক কাণ্ড : জামুগুৰিহাটত প্ৰতিবাদী সমদল

author-image
Asomiya Pratidin
New Update
আৰ জি কৰ চিকিৎসক কাণ্ড : জামুগুৰিহাটত প্ৰতিবাদী  সমদল

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টৌভঙাত নবিল তৰাজান গাঁৱত কলিকতা মেডিকেল কলেজৰ চিকিৎসক মৌমিতা দেৱনাথৰ জঘণ্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি জামুগুৰিহাটত সন্ধিয়া প্ৰতবাদী সমদল উলিওৱা হয় ৷ জামুগুৰিহাটৰ টৌভঙা নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত তথা সৰস্বতী মহিলা কীৰ্তন সংঘ, বিষ্ণুজ্যোতি মহিলা কীৰ্তন সংঘ আৰু লক্ষ্মী নাৰায়ণৰ কীৰ্তন সংঘৰ সহযোগত এই সমদল বাহিৰ কৰা হয়।

Advertisment

শনিবাৰে সন্ধিয়া তৰাজান প্ৰাথমিক বিদ্যালয় প্ৰাংগনৰ পৰা টৌভঙা চেন্টাৰ লৈকে হাতে হাতে মমবাতি লৈ‌ যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে প্ৰতিবাদী সমদল যাত্ৰা কৰে ৷ প্ৰতিবাদকাৰীসকলে নাৰী নিৰ্যাতন , ধৰ্ষণ আৰু জঘন্য হত্যাকাণ্ডৰ বলি হোৱা মহিলা চিকিৎসকগৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ হকে প্ৰাৰ্থনা জনায় ৷

Also Read: জালুকবাৰীত স্মৃতিগ্ৰন্থ "অতীতক নেযাবা পাহৰি" উন্মোচন...

jamugurihat