/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/07806ebb-6c09-43f3-9418-269965575e56/y13.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : যোৱা ১৪ ফেব্ৰুৱাৰীত ছেবাই এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ মুঠ ১০৫খন বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ ঘোষণা কৰিছিল । এই বিদ্যালয়সমূহৰ ভিতৰত তিনিচুকীয়াৰ নখৰাই উচ্চ মাধ্যমিক বিদ্যালয়ো অন্যতম ।
একাংশ দল-সংগঠনৰ মতে, যি অভিযোগৰ ভিত্তিত ছেবাই নখৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে তাৰ কোনো সত্যতা নাই তথা ছেবাই ভুল তথ্যৰ আধাৰত বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা বুলি একাংশ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে দাবী কৰিছে ।
বিদ্যালয়খনৰ বিপৰীতে জাৰি কৰা নিৰ্দেশনা অনতিবিলম্বে প্ৰত্যাহাৰ কৰাৰ দাবীত শুকুৰবাৰে নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয় সুৰক্ষা সমিতিৰ উদ্যোগত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, অসম সংগ্ৰামী চাহ শ্ৰমিক সঙ্ঘ, বিপ্লৱী যুৱ সন্থা, আইছা আৰু অসম চাহ মজদুৰ সঙ্ঘৰ সহযোগত নখৰাই কৰম ভৱনৰ সমীপৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয় । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজে যোগদান কৰা এই সমদলে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদৰ অন্তত বিদ্যালয় সুৰক্ষা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ সচিবলৈ এক স্মাৰকপত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে । প্ৰায় ৫ কিল'মিটাৰ পথ পদব্ৰজে অতিক্ৰমী উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱা সমদলকাৰীসকলে 'শিক্ষাৰ অধিকাৰৰ ওপৰত বুলড'জাৰৰাজ বন্ধ কৰক, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰক, ছেবাই স্বীকৃতি বাতিলৰ আদেশ প্ৰত্যাহাৰ কৰক' আদি শ্ল'গানেৰে তিনিচুকীয়াৰ ৰাজপথ উত্তাল কৰি তোলে ।
প্ৰতিবাদৰ মাজতে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিদ্যালয় সুৰক্ষা সমিতিৰ সম্পাদক দেৱেন্দ্ৰ ছত্ৰীৰ সভাপতিত্বত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় । সভাত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন, অসম চাহ মজদুৰ সঙ্ঘৰ পানীতোলা চাক্ৰৰ নেতা তথা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, বিদ্যালয় সুৰক্ষা সমিতিৰ সভাপতি দেবনাথ মাঝি, শিক্ষক গণেশ মাহালী আদিয়ে বক্তব্য ৰাখি ছেবাই ভুল তথ্যৰ আধাৰত নখৰাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা বুলি উল্লেখ কৰি বিদ্যালয়খন অনতিবিলম্বে ছেবাৰ অন্তৰ্ভুক্তি কৰিবলৈ সজোৰ দাবী উত্থাপন কৰে । অন্যথাই জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নি দিয়ে ।
প্ৰণিধানযোগ্য যে যিসময়ত পানীতোলা, দিনজান, খামতিগোৱালী, নখৰাই, ৰঙাগড়া আদি চাহ বাগিচাৰ চাহ শ্ৰমিক, আদিবাসী পৰিয়ালৰ সন্তানসকল শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছিল। সেই সময়ত চিপিআই (এম এল) নেতা তথা অসম সংগ্ৰামী চাহ শ্ৰমিক সঙ্ঘৰ নেতা ছহিদ গঙ্গাৰাম ক'লৰ নেতৃত্বত স্থানীয় চাহ শ্ৰমিক তথা আদিবাসী ৰাইজৰ একক প্ৰচেষ্টাত চাহ বাগিচা অধ্যুষিত এলেকাত চৈধ্যখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল । ইয়াৰ ভিতৰত একমাত্ৰ উচ্চ মাধ্যমিক বিদ্যালয়খনেই হ'ল নখৰাই কেঁচাসোণ উচ্চ মাধ্যমিক বিদ্যালয় ।
শাসনাধিস্থিত বিজেপি চৰকাৰে নতুন শিক্ষা নীতিৰ আলমত বিভিন্ন অজুহাতত বিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰি শিক্ষাৰ অধিকাৰৰ ওপৰত বুলড'জাৰ চলোৱা বুলি স্থানীয় সচেতন ৰাইজে বিজেপি চৰকাৰক চোকা সমালোচনা কৰে । বিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰি চৰকাৰে দৰিদ্ৰ আদিবাসী-চাহ শ্ৰমিক ৰাইজৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ আগুৱাই নিয়া বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c1805cb7-0455-4973-a06b-026478ee8265/4a18ac10_b5a8_4d7d_87ea_76bf918c7685.jpg)
Also Read: নগাঁওত সদৌ অসম সত্ৰ মহাসভাৰ অভিৱৰ্তন