/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ed8cb8d-cf20-408a-b285-836d86be5446/DISPUR_08.jpg)
ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনিঃ জিলা পৰ্যায়ত ব্যাপক ৰদ-বদল... DISPUR
এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল কৰা হৈছে।
সেই অনুসৰি যোৰহাটৰ জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঞাক অসম চুক্তি ৰূপায়ন বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
দৰঙৰ জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাক সীমান্ত এলেকা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে।
বঙাইগাঁৱৰ জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসক ভৈয়াম জনজাতি উন্নয়নৰ যুটীয়া সচিব হিচাপে বদলি।
GMCৰ অতিৰিক্ত আয়ুক্ত ৰঞ্জিত স্বৰ্গীয়াৰীক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিবৰ দায়িত্ব প্ৰদান।
সমাজকল্যাণ বিভাগৰ যুটীয়া সচিব তথা আবকাৰী বিভাগৰ অতিৰিক্ত যুটীয়া সচিব কুলশ্ৰী নাথক আবকাৰী বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।
কৰিমগঞ্জৰ জিলা উন্নয়ন বিষয়া বিক্ৰম দেৱ শৰ্মাক গৃহবিভাগৰ পাৰ্ছনেল বিভাগলৈ যুটীয়া সচিব হিচাপে বদলি।
লখিমপুৰৰ জিলা উন্নয়ন বিষয়া মনোজ কুমাৰ বৰুৱাক বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
গোৱালপাৰাৰ জিলা উন্নয়ন বিষয়া অশ্ৰুমণি মালাকাৰক বিদ্যালয় শিক্ষাবিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
যোৰহাট জিলাৰ জিলা পৰিষদৰ চি ই অ' প্ৰণৱ কুমাৰ বৰাৰ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰিন্সিপাল চেক্ৰেটেৰীৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি আৰু জিলা উন্নয়ন আয়ুক্তি হিচাপে দায়িত্ব প্ৰদান।
ধুবুৰী জিলা উন্নয়ন বিষয়া কান্তা দাসক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
শিৱসাগৰৰ জিলা উন্নয়ন বিষয়া শুভম গোৱালাক টি ট্ৰাইব এণ্ড লেবাৰ ৱেলফেয়াৰ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
শোণিতপুৰৰ জিলা উন্নয়ন বিষয়া উৎপল বৰাক লখিমপুৰৰ জিলা উন্নয়ন বিষয়া হিচাপে বদিল।
ধেমাজিৰ জিলা উন্নয়ন বিষয়া অৰূপ পাঠকক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
নগাওঁ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱাক ধেমাজি জিলা উন্নয়ন আয়ুক্ত হিচাপে বদলি।
বিদ্যালয় শিক্ষা বিভাগৰ উপ-সচিব সুৰঞ্জনা সেনাপতিক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
বিটিচি কোকৰাঝাৰৰ যুটীয়া সচিব সুজিত বাগলাৰীক সচিব হিচাপে পদোন্নতি।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব গাৰ্নেল সিঙক একেটা বিভাগৰ আয়ুক্ত হিচাপে পদোন্নতি।
কাছাৰৰ অতিৰিক্ত উপায়ুক্ত দীপক জিদুঙক কৰিমগঞ্জৰ জিলা উপায়ুক্ত হিচাপে বদলি।
মাজুলীৰ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসক হিল এৰিয়া ডেভলপমেণ্ট ডিপাৰ্টমেণ্টৰ যুটীয়া সচিব হিচাপে বদলি।
কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসক জিলা উন্নয়ন আয়ুক্ত হিচাপে পদোন্নতি।
ছডিউল কাষ্টৰ যুটীয়া সঞ্চালক হেমন্ত পেগুক সামাজিক ন্যায় আৰু সৱলিকৰণ বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া আয়ুক্ত বিপুল কুমাৰ দাসক ডিব্ৰুগড় জিলাৰ জিলা পৰিষদৰ চি ই অ' হিচাপে বদলি।
হোজাইৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসক যুটীয়া সচিব পদলৈ পদোন্নতি।
কলিয়াবৰৰ অতিৰিক্ত উপায়ুক্ত পবিত্ৰ কুমাৰ দাসক যোৰহাট জিলাৰ জিলা পৰিষদৰ চি ই অ' হিচাপে বদলি।
সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব সত্যজ্যোতি বৰুৱাক একেটা বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব দিলীপ টেৰাঙক পৰিষদৰ সচিব পদলৈ পদোন্নতি।
বঙাইগাওঁ জিলাৰ অতিৰিক্ত উপায়ুক্ত পাৰ্থসাৰথি জাহাৰিক এন চি হিলছ স্বায়ত্ব শাসিত পৰিষদৰ সচিবলৈ পদোন্নতি।
পাৰ্ছনেল এণ্ড এডমিনিছট্ৰেটিভ ৰিফৰ্মছ এণ্ড ট্ৰেইনি ডিমাৰ্টমেণ্টৰ অতিৰিক্ত সচিব ৰিতুপৰ্ণ ঠাকুৰীয়াক একেটা বিভাগৰে যুটীয়া সচিবলৈ পদোন্নতি।
নগাওঁ জিলাৰ অতিৰিক্ত উপায়ুক্ত দেৱজানী চৌধুৰীক দৰং জিলা জিলা উন্নয়ন বিষয়া হিচাপে বদলি।
শদিয়াৰ এডিচি অনুপম ডেকাক নলবাৰীৰ জিলা উন্নয়ন বিষয়া হিচাপে বদলি।
মাইবঙৰ এডিচি পল্লৱ মজুমদাৰক ধুবুৰীৰ জিলা উন্নয়ন বিষয়া হিচাপে বদলি।
আসাম চাৰ্ভে এণ্ড চেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তীক খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ সঞ্চালক হিচাপে পদোন্নতি।
কামৰূপ মহানগৰৰ এডিচি কল্পনা ডেকাক বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
কামৰূপৰ এডিচি ধ্ৰুৱজ্যোতি দাসক বঙাইগাওঁ জিলা উন্নয়ন বিষয়া হিচাপে বদলি।
বিশ্বনাথৰ এডিচি কুলেন শৰ্মাক খাদ্য আৰু অসামৰিক বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
দক্ষতা, দিয়োগ আৰু উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব মধু চন্দ্ৰ তালুকদাৰক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব গীতাৰ্থ বৰুৱাক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
কৃষি বিভাগৰ অতিৰিক্ত সচিব সমিৰণ বৰাক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব ৰাণাদেৱ কুমাৰ দামক নতুন দিল্লীৰ অসম ভৱনৰ যুটীয়া সচিবলৈ বদলি।
ওদালগুৰিৰ এডিচি গায়া প্ৰসাদ আগৰৱালক বড়োলেণ্ড উন্নয়ন বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব কমলজিত তালুকদাৰক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
নামনি অসমৰ বিশেষ বিষয়া তথা আয়ুক্ত দেৱজিত বৰুৱাক শিক্ষা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা সম্পদ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰাজীৱ ঠাপাক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
বোকাজানৰ এডিচি অনুপ কুমাৰ ব্ৰহ্মক নিৰ্বাচনী আয়োগৰ যুটীয়া সচিবলৈ পদোন্নতি।
শ্বিলং স্থিত অসম ভৱনৰ ডেপুটি ৰেচিডেন্স কমিচনাৰ মনজিত সোণোৱালক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
ডিব্ৰুগড়ৰ এডিচি জিতু কুমাৰ দাসক জিলাখনৰ উন্নয়ন বিষয়া হিচাপে পদোন্নতি।
বিটিচি ডিব্ৰুগড়ৰ যুটীয়া সচিব উইলব্ৰাম দৈমাৰীক আবকাৰী বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব ললিতা ৰংপিপিক ট্ৰান্সফ্ৰমেশ্যন এণ্ড ডেভলেপমেণ্ট বিভাগৰ যুটীয়া সচিব হিচাপে বদলি।
দৰঙৰ এডিচি সঞ্জীৱ কুমাৰ বৰাক পাৰ্ছনেল ডিপাৰ্টমেণ্টৰ যুটীয়া সচিবলৈ পদোন্নতি।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব পমি বৰুৱাক একেটা বিভাগৰ লগতে মেডিকেল এড্যুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ যুটীয়া সচিবলৈ পদোন্নতি।
বাক্সাৰ এডিচি আশ্ৰাফুল আমিনক এনিমেল হাছবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যুটীয়া সচিব হিচাপে বদলি।
জি এম চিৰ যুটীয়া আয়ুক্ত মৃগাংক চৌধুৰীক জি এম চিৰ অতিৰিক্ত আয়ুক্ত হিচাপে পদোন্নতি।
বাক্সাৰ এডিচি সঞ্জীৱ কুমাৰ শৰ্মাক কৰ্পোৰেশ্যন ডিপাৰ্টমেণ্টৰ যুটীয়া সচিবলৈ পদোন্নতি।
আইলেণ্ড ৱাটাৰ টান্সপ'ৰ্ট ৰেগুলটৰী অথৰিটিৰ সচিব গুণজিত ৰয়ক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
এ এ এছ চিৰ যুটীয়া সঞ্চালক ঋতুপৰ্ণ চক্ৰৱৰ্তীক একেটা বিভাগৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্ব।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ যুটীয়া সচিব ৰাজেশ্বন টেৰাঙক একেটা বিভাগৰে সচিব পদলৈ পদোন্নতি।
ডিমা হাছাওৰ এডিচি পুৰবী গগৈক এক্ট ইষ্ট পলিচি এফায়াৰ ডিপাৰ্টমেণ্টৰ যুটীয়া সচিবলৈ পদোন্নতি।
ভেৰগাওঁৰ এডিচি দীপক ভূঞাক আবকৰী বিভাগৰ যুটীয়া সচিবলৈ বদলি।
ট্ৰান্সফৰমেশ্যন এণ্ড ডেভলেপমেণ্ট ডিপাৰ্টমেণ্ট আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব তাহিদুৰ ৰহমানক চৰ অঞ্চল উন্নয়ন বিভাগৰ সঞ্চালক পদলৈ পদোন্নতি।
এ এছ টি চিৰ অতিৰিক্ত সচিব ৰাহুল চন্দ্ৰ দাসক পৰিবহণ বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব পাৰিজাত ভূঞাক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
কাছাৰৰ এডিচি পংকজ কুমাৰ ডেকাক মৰিগাওঁ জিলা উন্নয়ন বিষয়া হিচাপে বদলি।
ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ পঞ্জীয়ক ইন্দ্ৰনুশী দাসক শিক্ষা বিভাগৰ যুটীয়া সচিবলৈ বদলি।
কামৰূপৰ এডিচি সিদ্ধাৰ্থ গোস্বামীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
তিনিচুকীয়াৰ এডিচি সুশান্ত কুমাৰ দত্তক জিলাখনৰ উন্নয়ন বিষয়া হিচাপে পদোন্নতি।
উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা সম্পদ বিভাগৰ অতিৰিক্ত সচিব চিন্ময় প্ৰকাশ ফুকনক একেটা বিভাগৰে যুটীয়া সচিবলৈ পদোন্নতি।
ঢকুৱাখনাৰ এডিচি অৰিন্দম বৰুৱাক বিত্ত বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
নিৰ্বাচনী বিভাগৰ অতিৰিক্ত সচিব লক্ষিনন্দন চহৰীয়াক গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
ৰাজহ বিভাগৰ অতিৰিক্ত সচিব শ্যামল কে গগৈক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
ভূমি সংৰক্ষণৰ যুটীয়া সচিব ডিপু কুমাৰ ডেকাক একেটা বিভাগৰে যুটীয়া সচিবলৈ পদোন্নতি।
গোৱালপাৰাৰ এডিচি ৰঞ্জিত কোঁৱৰক জিলাখনৰ উন্নয়ন বিভাগৰ দায়িত্ব।
শিৱসাগৰৰ এডিচি বিতুপন নেওগক জিলা উন্নয়ন বিভাগৰো দায়িত্ব।
মেডিকেল এড্যুকেশ্যন এণ্ড ৰিচাৰ্চৰ অতিৰিক্ত সঞ্চালক ৰনৱীৰ বৰাক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
ডিব্ৰুগড়ৰ এডিচি বিশ্বজিত ফুকনক এক্ট ইষ্ট পলিচি এফায়াৰছ ডিপাৰ্টমেণ্টৰ যুটীয়া সচিবলৈ পদোন্নতি।
এচিএছ বিষয়া সত্যজিত চেতিয়াক নগাঁৱৰ জিলা উন্নয়ন বিষয়া হিচাপে নিযুক্তি।
হোজাইৰ এডিচি গকুল চন্দ্ৰ ব্ৰহ্মক হস্ত তাঁত আৰু ৰেচম শিল্প বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
শিৱসাগৰৰ এডিচি কৰ্মদেৱ ব্ৰহ্ম উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সচিবলৈ বদলি।
পৰ্যটন বিভাগৰ অতিৰিক্ত সঞ্চালক মামনি পাৰ্মেক একেটা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
পৰ্বতজোৰাৰ এডিচি অঞ্চুলা বসুমতাৰীক বড়োলেণ্ড উন্নয়ন বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
মহিলা আৰু শিশু সৱলিকৰণ বিভাগৰ অতিৰিক্ত সচিব শৰ্মিলা বৈশ্যক একেটা বিভাগৰ যুটীয়া সচিবলৈ পোদোন্নতি
কৰিমগঞ্জৰ এডিচি বিপুল দাসক কৃষি বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
দৰং জিলাৰ এডিচি বিবেক শ্যামক পাঙ্গক সীমান্ত সুৰক্ষা বিভাগৰ যুটীয়া সচিবলৈ পদোন্নতি।
Also Read: হিমন্ত বিশ্ব শৰ্মাই ক'লে- কৰ্মফল ভোগ কৰিছে ৰাহুল গান্ধীয়ে'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us