আজি শ্বহীদ দিৱস...

আজি শ্বহীদ দিৱস...

ডিজিটেল ডেস্ক : আজি শ্বহীদ দিৱস, অসমৰ সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিবলৈ এই বিশেষ দিনটি ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস ৰূপে । ১৯৭৯ চনৰ আজিৰ দিনটোতেই বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে আত্ম বলিদান দি ছবছৰীয়া আন্দোলন কালৰ প্ৰথম গৰাকী শ্বহীদ হয় । সেই বাবেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত ডিছেম্বৰৰ ১০ তাৰিখে ৰাজ্যজুৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস ।

এই শ্বহীদ দিৱসৰ সৈতে জড়িত হৈ আছে সহস্ৰাধিক লোকৰ ত্যাগ, আহুতি তথা জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন ।

১৯৭৮ চনত মঙলদৈ উপ-নিৰ্বাচনৰ সময়ছোৱাত প্ৰকাশ হোৱা সংশোধিত ভোটাৰ তালিকাত প্ৰকাশ পাইছিল প্ৰায় ৪৫ হাজাৰ গৰাকী সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম ।

তাৰ পাছতেই ৰাজ্যত বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুই । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত হেজাৰ হেজ‍াৰ অসমীয়াই যোগদান কৰি শক্তিশালী কৰি তুলিছিল আন্দোলনটোক । আৰক্ষী-সেনাৰ অত্যাচাৰৰ ফলত ৮৫৫ গৰাকীয়ে মৃত্যুক সাৱটি লোৱাৰ ওপৰিও চিৰদিনৰ বাবে কোঙা হৈ পৰিছিল বহু কেইগৰাকী লোক । কিন্তু তাৰ পাছতো থমকি ৰোৱা নাছিল আন্দোলনৰ তীব্ৰতা ।

ক্ৰমান্বয়ে বৃদ্ধি হৈ অথা দাবীৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰে সেও মানি ৰাজ্য চৰকাৰৰ উদ্যোগত সাক্ষৰ কৰিছিল ঐতিহাসিক অসম চুক্তিত । এই আন্দোলনৰ ফলস্বৰূপেই অসমত জন্ম লাভ কৰিছিল আঞ্চলিক দল অসম গণ পৰিষদে । যি দুটাকৈ কাৰ্যকালৰ বাবে অসমৰ শাসনভাৰ তুলি লৈছিল নিজৰ হাতত । আন্দোলনৰ সময়ছোৱাৰ পৰাই ৮৫৫ গৰাকী শ্বহীদৰ সৰ্বোচ্চ অৰ্পনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in