/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cf444e13-0aae-49fd-a1d6-0a9a1e0c05b2/martial.jpg)
ডিজিটেল সংবাদ, লামডিং: সদৌ উত্তৰ পূৱ ভিত্তিত লামডিঙ মনচুৰিয়া কুংফু স্কুলৰ উদ্যোগত বুধবাৰে লামডিঙত চতুৰ্থতম মাৰ্চেল আৰ্ট প্ৰতিযোগিতাৰ বিশাল আয়োজন কৰা হয় ৷ দুদিনীয়া কাৰ্যসূচীৰে লামডিং ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা এই প্ৰতিযোগিতাখনত নাগালেণ্ড ত্ৰিপুৰা মনিপুৰ অসমকে ধৰি পশ্চিমবংগৰ আদিৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষাৰ্থীসকলে যোগদান কৰে ৷
লামডিঙৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগি সকলক মাৰ্চেল আৰ্টৰ মাধ্যমেৰে নিজকে কেনেকৈ আত্মৰক্ষাৰ কৰিব পাৰিব তাৰে ভিত্তিত প্ৰশিক্ষন দিয়ে ৷ মাৰ্চেল আৰ্টে তথা কুংফুয়ে যুৱ প্ৰজন্মক ক্ৰীয়া জগতত আগবঢ়াই নিয়াত বহু সহায় কৰে সেয়হে প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিজকে শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ সৱল কৰি ৰাখিবলৈ ব্যায়মৰ লগতে মাৰ্চেল আৰ্ট শিকাৰু জৰুৰী বুলি জনায় উদ্যোগতাসকলে ৷
আজিৰ এই দিনযোৰা অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন শাখাৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁ লোকৰ বিভিন্ন ৰং বেল্ট প্ৰাপ্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় ৷ আজিৰ এই অনুষ্ঠানত মূখ্য অথিতি হিচাপে উপস্থিত আছিল লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং ক্ৰীয়া সংস্থাৰ সম্পাদক সুদিপ দাস, লামডিং মনচুৰিয়া কুংফু মাষ্টাৰ বিপ্লৱ আচাৰ্জীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তাৰ পৰা অহা মাৰ্চেল আৰ্টৰ গুৰুসকল উপস্থিত থাকে ৷