ফকিৰগঞ্জত বাল্য বিবাহ কৰাই গ্ৰেপ্তাৰ দুজন...

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত মেদৰটাৰী ফুলপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা বাল্য বিবাহ চলি থকাৰ খবৰ পাই ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে অভিযান চলায়।
ফকিৰগঞ্জত বাল্য বিবাহ কৰাই গ্ৰেপ্তাৰ দুজন...

ডিজিটেল সংবাদ, ফকিৰগঞ্জ: ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত মেদৰটাৰী ফুলপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা বাল্য বিবাহ চলি থকাৰ খবৰ পাই ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে অভিযান চলায়। গাঁও খনৰ মোন্তাজ আলীৰ ঘৰত নিজৰ ১৪ বছৰীয়া নাবালিকা ভাতিজিক বিয়া দিয়া অৱস্থাত আৰক্ষীয়ে মোন্তাজ আলী সহ দুজনক আটক কৰি নাবালিকা কিশোৰী জনীক উদ্ধাৰ কৰে।

আৰক্ষীয়ে ২০৬/২২নম্বৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মোন্তাজ আলী আৰু তেওঁৰ পত্নী সাজিদা বিবিক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে ধুবুৰী জেললৈ প্ৰেৰণ কৰে। বাল্য বিবাহৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এতিয়াও ভিতৰুৱা অঞ্চলত গোপনে বাল্য বিবাহ চলি থকা পৰিলক্ষিত হৈছে।

আৰু পঢ়ক: সমবায়ৰ সচিব দিব্য ফুকনৰ বৃহৎ কেলেংকাৰী,এজাহাৰ দাখিল, যোৰহাট কাৰ্যালয় সহ ২৪০ শাখাত ওলমিব তলা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in