সুখচৰ জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%

সুখচৰ জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%

author-image
Asomiya Pratidin
New Update
সুখচৰ জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০%

ডিজিটেল সংবাদ, মানকচাৰঃ মানকাচৰৰ ভিতৰুৱা অঞ্চলত থকা সুখচৰ জাতীয় বিদ্যালয়ত পুনৰ ১০০ শতাংশ শিক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনত আজি পাঠদান বন্ধ ৰাখি শিক্ষক-অভিভাৱক আৰু শিক্ষাৰ্থী সকলে শোভাযাত্ৰা আৰু আতচবাজি কৰি আনন্দ উল্লাস পালন কৰে

Advertisment

২০০৫ চনত স্থাপন হোৱা সুখচৰ জাতীয় বিদ্যালয়ত ২০১৭ চনত প্ৰথম বাৰৰ বাবে শিক্ষাৰ্থীসকল মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ২০১৭ বৰ্ষৰ পৰাই সুখচৰ জাতীয় বিদ্যালয়ত মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীসকল ১০০ শতাংশ উত্তীৰ্ণ হৈ আহিছে।

এইবেলি বিদ্যালয়খনৰ পৰা ৪৮গৰাকী শিক্ষাৰ্থী মেট্ৰিকত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩৭গৰাকী প্ৰথম বিভাগ আৰু ১১গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনত এইবাৰ ৫ টা ডিষ্টিংচন আৰু ১০গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে।

বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সোমবাৰে ফুলাম গামোচা আৰু মালাৰে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষক অভিভাৱকসকলে এক শোভাযাত্ৰা উলিয়াই।

লক্ষণীয় যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত থকা কেইবাখনো বিদ্যালয় আন আন বছৰৰ দৰে এই বেলিও ১০০শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলত বিদ্যালয় কৰ্তৃপক্ষই আজি জিলাৰ সদৰতো বৃহৎ শোভাযাত্ৰা উলিয়াই।

Also Read: মঙলদৈত বিজেপিৰ ৰোড শ্ব'ত জয়ন্ত মল্ল বৰুৱা...

HSLC result 2024 mankachar