মঙলদৈত বিজেপিৰ ৰোড শ্ব'ত জয়ন্ত মল্ল বৰুৱা...

মঙলদৈত বিজেপিৰ ৰোড শ্ব'ত জয়ন্ত মল্ল বৰুৱা...

author-image
Asomiya Pratidin
New Update
মঙলদৈত বিজেপিৰ ৰোড শ্ব'ত জয়ন্ত মল্ল বৰুৱা...

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে গধুলি মঙলদৈত বিজেপিয়ে এক ৰোড শ্ব' উলিয়ায়। মঙলদৈ মেধিপাৰাৰ হাতীবাকাৰাৰ পৰা উলিওৱা এই ৰেলী পর্যায়ক্রমে মঙলদৈ তেলীপাৰা হৈ সনাতন ধর্মসভা প্রাঙ্গনলৈ আগবাঢ়ে। সমদল আগবঢ়াৰ লগে লগে বৃহত্তৰ মেধিপাৰা, বৰুৱাপাৰা, তেলীপাৰা আদি এলেকাৰ সাধাৰণ ৰাইজে ঘৰৰ পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই বিজেপিৰ সমদল তথা দলীয় প্রার্থী দিলীপ শইকীয়াক আদৰণি জনায়।

Advertisment

মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াসহ প্ৰণৱ নাৰায়ণ দেৱ, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শর্মা তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস খোলা জীপত উঠি অহা সমদলটো নিশা ৯ বজাত মঙলদৈ চহৰৰ মাজেৰে পাৰ হৈ যায়। আজি আবেলি ৪বজাতে মঙলদৈ হাতীবাকাৰাৰপৰা মঙলদৈ সনাতন ধর্মসভা প্রাংগনলৈ বিশাল ৰোড শ্ব'ৰ প্ৰস্তুতি চলোৱা হৈছিল।

দৰঙৰ সংখ্যালঘু বসতিপ্রধান এলেকাত ৫খনকৈ প্ৰচাৰ সভাত অংশ লয় অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব ভট্টচার্যই। মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ সভাত বিজেপিৰ ৰাজ্যিক মুখপাত্র কিশোৰ ভট্ট আৰু দৰং বিজেপিৰ চন্দন শইকীয়ায়ো অংশ লয়। দৰঙৰ শ্বেৰপুৰ, ওজাগাঁও, লটাখাত, কেওটচুবা, অভয় পুখুৰী আৰু খাটনিয়াপাৰাত অনুষ্ঠিত হয় প্ৰচাৰ সভা।

প্ৰচাৰ সভাত সম্বোধন কৰি ভট্টাচাৰ্যই বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত দিলীপ শইকীয়াক জয়ী কৰাই নৰেন্দ্ৰ মোডী আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। 'সবকা সাথ, সবকা বিকাশ' নীতিৰে কেন্দ্ৰৰ এন ডি এ চৰকাৰে দেশৰ মুছলমানসকলকো আগুৱাই নিবলৈ কৰা প্রয়াসৰ কথা তেওঁ উল্লেখ কৰে।

সভাত দৰঙৰ যুৱ নেতা চন্দন শইকীয়াই বিজেপি চৰকাৰৰ দিনত সকলো সংখ্যালঘুৱে চৰকাৰী আচনিৰ দ্বাৰা উপকৃত হোৱাৰ কথা উল্লেখ কৰে। সভাকেইখনত মঙলদৈৰ প্রাক্তন বিধায়ক হীৰেন কুমাৰ দাস আৰু অসম গণ পৰিষদ সভাপতি কমলেশ্বৰ বৰুৱায়ো সংগ দিয়ে।

Also Read: লোকসভা নিৰ্বাচনঃ অনলাইন লেনদেনত নজৰ ৰাখিব RBI য়ে

JAYANTA MALA BARUAH bjp road show dilip saikia