/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/91991c26-fdef-45c3-bb92-58c22cdd3e97/kathphila.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ কেৱল চাকৰীমুখী নহৈ কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মৰিয়নিৰ এজন যুৱকে। কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে মৰিয়নিৰ জয়ন্ত গগৈ নামৰ এজন যুৱক।
কেৱল অসমতে নহয় চুবুৰীয়া নাগালেণ্ডতো কাঠফুলাৰ এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে মৰিয়নিৰ নামৰূপীয়াৰ জয়ন্ত গগৈ নামৰ যুৱকজনে। নামৰূপীয়াৰ নিজ গৃহত সৰুকৈ কাঠফুলা খেতি আৰম্ভ কৰি এতিয়া প্ৰতিষ্ঠিত হ'ব পাৰিছে জয়ন্ত গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d19960ca-36b7-4a09-88f4-deb9861f7c76/ecae5efe_d08a_4375_833c_5054399320d2.jpg)
যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ পৰা উন্নত মানৰ কঠফুলা সঁচ আনি আৰম্ভ কৰা কাঠফুলা বিক্ৰী কৰি নিজৰ পৰিয়ালৰ লগতে বহুকেইজন লোকক সুন্দৰভাৱে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে তেওঁ। সম্প্ৰতি দুখনকৈ ফ্ৰামত কাঠফুলা খেতি কৰি স্ব-নিৰ্ভৰশীল হ'বলৈ সক্ষম হোৱা জয়ন্ত গগৈ হ'ব পাৰে বহুজনৰ বাবে আদৰ্শ।
Also Read: কচুৱাৰ চিতলমাৰীত বাইক দুৰ্ঘটনা,আহত ৩ জন