কচুৱাৰ চিতলমাৰীত বাইক দুৰ্ঘটনা,আহত ৩ জন

শুকুৰবাৰে পুৱাৰ ভাগত কচুৱা থানাৰ অন্তৰ্গত মাধৱপাৰা চিতলমাৰীত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
কচুৱাৰ চিতলমাৰীত বাইক দুৰ্ঘটনা,আহত ৩ জন

ডিজিটেল সংবাদ, কামপুৰঃ শুকুৰবাৰে পুৱাৰ ভাগত কচুৱা থানাৰ অন্তৰ্গত মাধৱপাৰা চিতলমাৰীত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়।উল্লেখ্য যে কচুৱা -বৈঠালাংচু পথৰে তীব্ৰ বেগত দুয়োটা দিশৰ পৰা অহা দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

ঘটনাটোত দুয়োখন বাইকৰ তিনিজন আৰোহী ক্ৰমে কচুৱাৰ লংকাগাৱৰ ঊষা চেতিয়া ,দীপ চেতিয়া আৰু প্ৰমিলা জাৰনীৰ নুৰ আলম গুৰুতৰ ভাৱে আহত হয় । সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বাইক দুখনৰ নম্বৰ ক্ৰমেAS02 AH 6433 আৰু AS02K 3649।বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Also Read: মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে ৰাজপথ মেৰামতি কৰাত ব্যস্ত লোক নিৰ্মান বিভাগৰ কৰ্মচাৰী

roas accident