মাৰ্ঘেৰিটা কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডত আছে নেকি আন কোনোবা জড়িত?

মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত আহত হৈছিল এই ঘটনাৰ মূল অভিযুক্ত আনন তাঁতী।

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটা কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডত আছে নেকি আন কোনোবা জড়িত?

ডিজিটেল ডেস্কঃ মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত আহত হৈছিল এই ঘটনাৰ মূল অভিযুক্ত আনন তাঁতী।
সোঁ ভৰিত গুলী লাগি আহত হৈছিল আনন তাঁতী।

Advertisment

এই ঘটনাক লৈ মাৰ্ঘেৰিটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিলৰ আশ্বাস প্ৰদান কৰিছে তিনিচুকীয়া আৰক্ষী অধীক্ষকে।দোষীক ফাষ্ট ট্রেক আদালতৰ মজিয়ালৈ নিয়াৰো আশ্বাস আৰক্ষীৰ।

কিশোৰী হত্যাকাণ্ডত আৰু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। গুলীবিদ্ধ আনন তাঁতীৰ ভাষ্যত সন্দেহ ব্যক্ত আৰক্ষীয়ে। ঘটনাৰ সময়ত ঘৰত নাছিল আনন তাঁতীৰ পত্নী।

অৱশ্যে ঘটনাত আৰু লোক জড়িত আছিল নে নাই সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব। উল্লেখ্য যে, কিশোৰী গৰাকীক মাতৃয়ে আনন তাঁতীৰ ঘৰত থৈ গৈছিল। তাৰ পাছতে নিৰুদ্দেশ হৈ পৰিছিল কিশোৰী গৰাকী। পৰৱৰ্তী সময়ত শৌচালয়ত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহ।

Also Read: ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল আতাৰ আলীৰ, আহত দুজন...

Assam police