ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল আতাৰ আলীৰ, আহত দুজন...

হাজোৰ শনিয়াদিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। শুকুৰবাৰে পোহৰলৈ আহে এই হত্যাকাণ্ডৰ কথা। খুৰাকক ডিঙি কাটি হত্যা ভতিজাকৰ।

author-image
Asomiya Pratidin
New Update
ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল আতাৰ আলীৰ, আহত দুজন...

ডিজিটেল ডেস্কঃ হাজোৰ শনিয়াদিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। শুকুৰবাৰে পোহৰলৈ আহে এই হত্যাকাণ্ডৰ কথা। খুৰাকক ডিঙি কাটি হত্যা ভতিজাকৰ।

আদাৰ আলীৰ আক্রমণত নিহত আতাৰ আলী নামৰ লোকজন। আদাৰ আলীৰ আক্রমণত গুৰুতৰভাৱে আহত আন দুজন। তেওঁলোকক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনা সংঘটিত কৰি পলায়ন হত্যাকাৰী আদাৰ আলী। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো যা কৰিছে। বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Also Read: কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰত অবাধ গতিত বন ধ্বংস

Assam police