চৰকাৰী আঁচনি বিচাৰি ঢকুৱাখনাত একাংশৰ প্ৰতিবাদ

চৰকাৰী আঁচনি বিচাৰি ঢকুৱাখনাত একাংশৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ সৰ্বাংগীন উন্নয়ন বিকাশ হোৱাৰ ফটাঢোল বজাই আহিছে শাসনাধিষ্ঠিত গেৰুৱা বাহিনীয়ে । সময় সুবিধা পালেই  ঢকুৱাখনাৰ এইচাম তথাকথিত গেৰুৱা নেতা কৰ্মীয়ে উন্নয়ন সফলতাৰ দম্ভালি  মাৰি অহাৰ  সময়তে চৰকাৰী আঁচনি বিচাৰি এইবাৰ ৰাজহুৱা প্ৰতিবাদত নামি তথাকথিত উন্নয়ন বিকাশৰ নগ্নস্বৰূপ উন্মোচন কৰিলে প্ৰবঞ্চিত গঞাঁই। 

ঢকুৱাখনাৰ প্ৰায় ১৫ বছৰীয়া বিধায়ক নব দলেৰ গৃহ পঞ্চায়ত মাতমৰাত এই ফোঁপোলা উন্নয়নৰ স্বৰূপ উন্মোচিত কৰিলে দৰিদ্ৰ শ্ৰমজীৱী নাগৰিকে। পঞ্চায়তখনৰ  ৫ নং আৰু ১০ নং ৱাৰ্ডৰ দৰিদ্ৰ খাতিখোৱা অৰ্ধ শতাধিক ৰাইজে সোমবাৰে প্ৰাপ্য চৰকাৰী আঁচনি বিচাৰি ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰাই নহয় চৰকাৰী আঁচনিৰ নামত এচাম অৰ্থলোভীযে অব্যাহত ৰখা নিকৃষ্ট বেহাখনো ফাদিল কৰে ।

সোমবাৰে দুপৰীয়া পঞ্চায়তখনৰ এই দুই ৱাৰ্ডৰ দৰিদ্ৰ ৰাইজ একত্ৰিত হৈ পঞ্চায়ত কাৰ্য্যালয়ত নাৰ্য প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিচাৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে।  ৱাৰ্ড দুটাত এই আঁচনি সমবিতৰণ নকৰি এচাম গেৰুৱা দলৰ চেলা চামুণ্ডাৰ আত্মীয়ক অগ্ৰাধিকাৰ দি, পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়ক উপকৃত কৰি অতি দৰিদ্ৰ পৰিয়ালক চক্ৰান্তমূলক ভাবে  বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে প্ৰবঞ্চিত গঞাঁই। 

হাতে হাতে পি এম ৱাই (জি)আঁচনি বিচৰা দাবী সম্বলিত প্লে'কাৰ্ড লৈ কাৰ্য্যালয় চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে দুই ৱাৰ্ডৰ দৰিদ্ৰই। আমাক আমাৰ অধিকাৰ দিয়ক , আমাক চৰকাৰী আঁচনিৰ ঘৰ দিয়ক , পি এম ৱাই গৃহ আবন্টনৰ নামত নিকৃষ্ট ৰাজনীতি বন্ধ কৰক, দৰিদ্ৰক বঞ্চিত কৰি ধনৱন্তক পি এম ৱাই আঁচনি দিয়া কাৰ্য বন্ধ কৰক, চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা নীতি বন্ধ কৰক, প্রকৃত দৰিদ্ৰ পৰিয়ালক ৰিজেক্ট লিষ্টত ৰাখি ধনী পৰিয়ালক চৰকাৰী ঘৰ দিয়া কাৰ্য নছলিব আদি বিভিন্ন শ্লোগান দি কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে চৰকাৰী আঁচনিৰ মুখ নেদেখা ৰাইজে ।

সুদীৰ্ঘ সময় ধৰি বৃদ্ধ বৃদ্ধা, পুৰুষ মহিলা, বিধৱা মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি অনিয়ম দুৰ্নীতি আৰু অৰ্থ সংগ্ৰহৰ ভূস্বৰ্গলৈ পৰিণত হোৱা পঞ্চায়তখনৰ ওপৰত এক তদন্তৰ দাবী জনায়। প্রতিবাদ থলীত উপস্থিত ৰাইজে চৰকাৰী আঁচনিক পৈত্রিক সম্পত্তি হিচাবে গণ্য কৰি ১০ ৰং ৱাৰ্ডৰ সদস্য বৈকুণ্ঠ গগৈ আৰু ৫ নং ৱাৰ্ডৰ সদস্য বনশ্ৰী দাসে স্বজন তোষনেৰে আত্মীয় স্বজনৰ নামত নামে বেনামে চৰকাৰী আঁচনি লোৱা , ধনৱন্ত আৰু পকী ঘৰ থকা  ব্যক্তিক এই আঁচনিৰ ঘৰ দি দৰিদ্ৰ ৰাইজক প্ৰতাৰণা কৰা , আঁচনিৰ গৃহ আবন্টনৰ বাবে জিঅ' টেগ কৰাৰ বাবদ কাৰ্য্যালয়ৰ কৰ্মচাৰী জয়ন্ত সন্দিকৈয়ে দৰিদ্ৰ ৰাইজৰ পৰা বলপূৰ্বক ৫০০ টকাকৈ সংগ্ৰহ কৰা , আঁচনি দিয়াৰ নামত ৱাৰ্ড সদস্যই দালালৰ জৰিয়তে অৰ্থ সংগ্ৰহ কৰা আদি অভিযোগ একেমুখে ৰাজহুৱাকৈ উত্থাপন কৰে ।

তাৰোপৰি পঞ্চায়ত সভাপতি শশীধৰ দাস আৰু সচিব ৰঞ্জিত শইকীয়াৰ দুৰ্নীতি গ্ৰস্ত আৰু অকমন্যতাৰ লগতে ৱাৰ্ড সদস্য সকলৰ স্বাৰ্থপৰ ভূমিকাৰ বাবে গৰিষ্ঠ সংখ্যক দৰিদ্ৰ পৰিয়াল চৰকাৰী গৃহ আঁচনিৰ পৰা বঞ্চিত হবলগা হোৱা বুলি কৈ এই ক্ষেত্ৰত বিধায়ক নব দলেৰ তাৎক্ষণিক হস্তক্ষেপ দাবী জনায় । অনিয়মকে নিয়ম কৰি সভাপতি সচিব আৰু দুই ৱাৰ্ড সদস্যই অব্যাহত ৰখা দৌৰাত্ম্যৰ বাবেই এইসকল নাগৰিক এটা পি এম ৱাই আঁচনিৰ ঘৰ , বৃদ্ধ পেঞ্চন ,বিধবা পেঞ্চন, অৰুনোদই আঁচনি, এটা অনাময় ব্যৱস্থা, এখন ৰেচন কাৰ্ডৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।

চৰকাৰী আঁচনিৰ নামত নির্লজ গেৰুৱা ৰাজনীতি চলাই অহা বুলিও একাংশ ৰাইজে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । বছৰ বছৰ ধৰি এনেবোৰ চৰকাৰী আঁচনিৰ মুখ নেদেখা দুৰ্ভগীয়া ৰাইজে উপায়ন্তৰ হৈ এই ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বে অঞ্চলটোৰ দেবেন গগৈ নামৰ এজন গেৰুৱা দলৰ নেতাই ফোনযোগে প্ৰাপ্য বঞ্চিত দৰিদ্ৰ ৰাইজক এই প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ হুমকি ভাবুকি দিয়া বুলি প্ৰকাশ কৰে ।

নিজ দলৰ দখলত থকা পঞ্চায়তখনৰ দুৰ্নীতি পৰায়ন চৰিত্ৰ আৰু জনবিৰোধী স্থিতি উন্মোচিত হোৱাৰ ভয়ত গেৰুৱা নেতাজনে দৰিদ্ৰ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী বিফল কৰিবলৈ ষড়যন্ত্ৰ কৰি মুখথেকেছা খালে বুলি প্ৰবঞ্চিত ৰাইজে জানিবলৈ দি প্ৰকৃত দৰিদ্ৰ ৰাইজক চৰকাৰী আঁচনি প্ৰদান নকৰা পৰ্যন্ত অধিক তীব্রতৰ হাৰত এই প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰামখন অব্যাহত থাকিব বুলি সকীয়াই দিয়ে ।

চৰকাৰী আঁচনি বিচাৰি ঢকুৱাখনাত একাংশৰ প্ৰতিবাদ
প্ৰেমিকৰ সৈতে বলব’মলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু যুৱতীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in