ৰঙিয়াত বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ, একাংশ অঞ্চলত বন্ধ যাতায়ত ব্যৱস্থা…

ৰঙিয়াত বৰলীয়া নৈৰ ভয়ংকৰ ৰূপ, একাংশ অঞ্চলত বন্ধ যাতায়ত ব্যৱস্থা…

author-image
asomiyapratidin
New Update
কাছাৰত একপ্ৰকাৰৰ LOCKDOWN…

ডিজিটেল সংবাদ,ৰঙিয়া: ৰঙিয়াৰ সোঁমাজেৰে যোৱা বৰলীয়া নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত ওচৰ চুবুৰীয়া কেইবাখনো গাওঁ পানীয়ে বুৰাই পেলেওৱা পৰিলক্ষিত হৈছে ।

Advertisment

বিশেষকৈ ৰঙিয়াৰ সমিপৰ চেনীমাৰা বিহাপাৰৰ কাউৰবাহা সংযোগী পথটোৰ ওপৰৰে পানী বাগৰি যোৱাত যাতায়ত ব্যৱস্থা সম্পুৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হৈছে ।পথটোৰ তিনিঠাইত এনেদৰে পানী বাগৰি যোৱাৰ ফলত পশুধনৰ লগতে পৰিয়াল সমুহৰ জনজীৱন কষ্টকৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

ইফালে অঞ্চলটোৰ প্ৰায় দুশ পৰিয়ালৰ ঘৰত পানী সুমুৱাৰ ফলত পৰিয়াল সমুহ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগাত পৰিছে ।বহু পৰিয়ালৰ পোহনীয়া মাছৰ পুখুৰী পানীত দুব যোৱাত ব্যপক হাৰত ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে ।

স্থানীয় ৰাইজে অভিযোগ কৰামতে ৰঙিয়া সমষ্টিৰ অধিনৰ তামুলপুৰ মহকুমাৰ উক্ত অঞ্চলটোৰ জনসাধাৰণ যোৱা নিশাৰ পৰা পানীৰ তলত থাকিব লগা হোৱাৰ পিচটো স্থানীয় বিধায়কৰ লগতে বিটিআৰৰ কোনো জন প্ৰতিনিধি উপস্থিত হোৱা নাই।আনকি প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ সাহাৰ্য্য প্ৰদান নকৰাত জনসাধাৰণৰ লগতে পশুধন সমুহৰ বিলৈ নোহোৱা হৈ পৰিছে ।

আৰু পঢ়ক: কামৰূপ(মহানগৰ) জিলাত অত্যাধিক ভূমিস্খলনৰ আশংকা, আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

assam rangia