বীৰ লাচিতৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি মানকাচৰ জিলা প্ৰশাসনৰ মাৰ্চপাষ্ট প্ৰদৰ্শন...

বৃহস্পতিবাৰে হাটশিঙিমাৰীস্থিত মহাবিদ্যালয় খেল পথাৰত মাৰ্চ পাষ্ট অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
বীৰ লাচিতৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি মানকাচৰ জিলা প্ৰশাসনৰ মাৰ্চপাষ্ট প্ৰদৰ্শন...

MANKACHAR

ডিজিটেল সংবাদ, মানকাচৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰক্ষী, চি আৰ পি এফ, অসম বেটেলিয়ান, হোমগাৰ্ড, এন এছ গোটে বৃহস্পতিবাৰে হাটশিঙিমাৰীস্থিত মহাবিদ্যালয় খেল পথাৰত মাৰ্চপাষ্ট অনুষ্ঠিত কৰে।

Advertisment

পুৱা ৮.০০ বজাত অনুষ্ঠিত কৰা মাৰ্চপাষ্টত আৰক্ষী অধীক্ষক হৰেন তকবী, জিলা উপায়ুক্ত পল্লৱী সৰকাৰ, ২৬ আই আৰ বেটেলিয়ন কমাণ্ডেন্ট সুমন চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। মাৰ্চ পাষ্টৰ দলে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখেদি হাটশিঙিমাৰী-মানকাচৰ পথেৰে হাটশিঙিমাৰীস্থিত ভাৰতীয় ষ্টেট বেংক লৈ এক শোভাযাত্ৰা কৰি পুনৰ মহাবিদ্যালয় খেল পথাৰত উপস্থিত হয়।

এই উপলক্ষ্যে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত আয়োজন কৰা সভাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ উপায়ুক্ত পল্লৱী সৰকাৰ, আৰক্ষী অধীক্ষক হৰেন তকবীৰ লগতে মানকাচৰৰ জেষ্ঠ নাগৰিক তথা এ লতিফ গাৰ্লছ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আশ্ৰাফ আলী আহমেদ, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ জেহিৰুল ইছলাম বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ ওপৰত ভাষণ প্ৰদান কৰে।

আৰু পঢ়ক : ওদালগুৰিত সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থাৰ ২৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন...

assam mankachar