udalguri
udalguri

ওদালগুৰিত সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থাৰ ২৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন...

২৩ সংখ্যক দ্বিবাৰ্ষিক ওদালগুৰি অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে

ডিজিটেল সংবাদ,‌ মঙলদৈ : ১৯ আৰু ২০ নৱেম্বৰ ২০২২ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থাৰ ২৩ সংখ্যক দ্বিবাৰ্ষিক ওদালগুৰি অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে পাঁচ শতাধিক প্ৰতিনিধিক আদৰিবলৈ কমলেশ্বৰ বড়োক সভাপতি, বানেশ্বৰ ৰাভা, প্ৰমোদ ডেকা, আজিজুৰ ৰহমানক উপ-সভাপতি, শ্যাম ৰায় বৰুৱাক সম্পাদক, ৰাজীৱ স্বৰ্গীয়াৰী, ভাস্কৰ জ্যোতি শৰ্মাক সহ-সম্পাদক ৰূপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়।

প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ১৯ নৱেম্বৰ পুৱা ৮ বজাত পতাকা উত্তৈলন, ৮.১০ বজাত স্মৃতিতৰ্পণ, ৮.৩০ বজাত প্ৰতিনিধি পঞ্জীয়ণ, ৯.৩০ বজাত সমল ব্যক্তি হিচাবে RIPSR,Guwahatiৰ অধ্যক্ষ ড° ঋতুৰাজৰ উপস্থিতিত Advance drug delivery system ৰ ওপৰত বিজ্ঞান কৰ্মশালা, ১২.৩০ বজাৰ পৰা আপছাৰ কেন্দ্ৰীয় সভাপতি অৰুণ বৰাৰ সভাপতিত্বত মুকলি সভা অনুস্থিত হ'ব ।

মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত, ওদালগুৰি সমষ্টিৰ মাননীয় বিধায়ক বি টি আৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, বি টি আৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কাৰ্যবাহী সদস্য অৰুপ কুমাৰ ডে, বি টি আৰৰ জলসিঞ্চন আৰু আয়ুস বিভাগৰ মাননীয় কায্যবাহী সদস্য দিগন্ত বৰুৱা, সন্মানীয় অতিথি মাজবাট সমষ্টিৰ মাননীয় বিধায়ক চৰণ বড়ো, আমন্ত্ৰিত অতিথি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সচিব আব্দুল লেইছ চৌধুৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডা: এম এছ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্য সেৱা সঞ্চালক অসম ডা:নীলমাধৱ দাস, স্বাস্থ্য শিক্ষা সঞ্চালক অসম ডা:অনুপ বৰ্মন, ঔষধ নিয়ন্ত্ৰক অসম হৃদয়ানন্দ মহন্ত ,নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউটৰ অধ্যক্ষ ড° ভাৰ্গৱজ্যোতি চহৰীয়া উপস্থিত থাকিব ।

আবেলি ৪ বজাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, সন্ধিয়া ৭ বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। দ্বিতীয় দিনৰ কাৰ্যসূচী ২০ নৱেম্বৰ পুৱা ৮ বজাৰ পৰা চাফাই অভিযান, ৯.৩০ বজাৰ পৰা প্ৰতিনিধি সভা, দুপৰীয়া ১ বজাৰ পৰা বিষয় বাচনি সভা অনুস্থিত হ'ব । উক্ত বিষয় বাচনি সভাত আগন্তুক দুবছৰৰ বাবে এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in