হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

ডিজিটেল ডেস্ক, মানকাচৰ : ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ মানকাচৰত একেলগে ৫০ হেজাৰ আত্মসহায়ক গোটৰ সদস্যৰ ঘৰত তিনিদিনীয়াকৈ উৰিব জাতীয় পতাকা। আজাদি কা অমৃত মহোৎসৱ উপলক্ষে এইবাৰ দেশ জুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ আহ্বান জনাইছে।

Advertisment

হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনিৰ সফল ৰূপায়ণৰ বাবে মানকাচৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ হাটশিঙিমাৰী জিলা প্ৰকল্প প্ৰৱন্ধক গোটৰ অধীনত ৪২ খন গাঁও পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। বুধবাৰে অতিৰিক্ত ভাৱে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত আন এখন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্র মুকলি কৰা হয়।

জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। জিলাখনৰ প্ৰতিজন লোকে হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনিক সফল কৰিবলৈ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তিনিদিনীয়াকৈ ঘৰে ঘৰে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে তাৰ বাবে জিলাবাসীক অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

আৰু পঢ়ক : গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকা-সাংবাদিক প্ৰীতিৰেখা ভূঞাৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

assam himanta biswa sarma bjp mankachar