গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকা-সাংবাদিক প্ৰীতিৰেখা ভূঞাৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকা-সাংবাদিক প্ৰীতিৰেখা ভূঞাৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

ডিজিটেল ডেস্ক :  গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ। লেখিকা-সাংবাদিক প্ৰীতিৰেখা ভূঞাৰ দুখন গ্ৰন্থ 'কামাখ্যা : নীলাচলত প্ৰকৃতিৰ সন্ধান'  আৰু 'নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য'  এই দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

প্ৰীতিৰেখা ভূঞাই অসসম চৰকাৰৰ মিডিয়া ফেল'শ্বিপ লাভ কৰি কৰা গৱেষণামূলক অধ্যয়নৰ ফচল এই দুখন গ্ৰন্থ। গ্ৰন্থ উন্মোচনী কৰে সাহিত্যিক সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মা,  সাহিত্য অকাডেমি বঁটাপ্ৰাপক ঔপন্যাসিক,  সাতসৰী আৰু সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷

'কামাখ্যা : নীলাচলত প্ৰকৃতিৰ সন্ধান'  সন্দৰ্ভত অনুৰাধা শৰ্মা পূজাৰীয়ে কয় –  "প্ৰীতিৰ এই গ্ৰন্থখনে এটা নতুন বাট সৃষ্টি কৰিছে৷ ইয়াৰ আগতে নীলাচলৰ প্ৰকৃতিক লৈ বিশেষ কাম হোৱা নাই৷ গতিকে প্ৰীতিৰেখাৰ এই গ্ৰন্থখন অতি গুৰুত্বপূৰ্ণ৷"  আনখন গ্ৰন্থ 'নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য'  সন্দৰ্ভত অকাডেমি বঁটা বিজয়ী লেখিকাগৰাকীয়ে কয়,  'এই গ্ৰন্থখনত বিভিন্ন বিষয় একত্ৰিত হৈছে৷ কেতিয়াবা যদি নিৰ্যাতিত পুৰুষৰ কথা কোৱা হৈছে, আন কেতিয়াবা আধুনিক অভিমন্যুৰ কথা কৈছে৷'

ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাই কামাখ্যা বিষয়ক গ্ৰন্থখন সন্দৰ্ভত কয় –  'মই নীলাচলক লৈ লেখিকাগৰাকীতকৈ বেছি জনা বুলি ভাবিছিলোঁ,  কিন্তু তেওঁৰ কিতাপখন পঢ়ি উঠি দেখিলোঁ আচলতে মই কামাখ্যা-নীলাচলৰ বিষয়ে একোৱেই জনা নাছিলোঁ৷'

দীৰ্ঘদিন ধৰি সাংবাদিকতা আৰু সাহিত্য কৰ্মৰ সৈতে জড়িত হৈ থকা লেখিকা প্ৰীতিৰেখা ভূঞাই এই গ্ৰন্থ দুখনত তেওঁৰ গভীৰ গৱেষণালব্ধ তথ্যপাতি আৰু উপলব্ধিক প্ৰতিভাত কৰিছে৷ পৰিৱেশ সংৰক্ষণৰ দৰে এতিয়া বহু চৰ্চিত বিষয় এটাক মূল উপজীব্য হিচাপে লৈ তেওঁ ৰচনা কৰিছে 'কামাখ্যা : নীলাচলত প্ৰকৃতিৰ সন্ধান' নামৰ গ্ৰন্থখন৷

সাম্প্ৰতিক সময়ৰ একধৰণৰ সংকটৰ গৰাহত পৰা প্ৰকৃতি আৰু প্ৰকৃতিৰ স্বাভাৱিক গতি প্ৰৱাহৰ বিনষ্টতাৰ বাবে যে মূলত মানুহেই দায়ী সেই ধাৰণা মূল উপজীৱ্য হিচাপে লৈ লেখিকা ভূঞাই অসমৰ এখন পৱিত্ৰ পীঠস্থান কামাখ্যাৰ ঐতিহ্য আৰু ইয়াৰ পৰিৱৰ্তনক অনুধাৱন কৰাৰ চেষ্টা কৰিছে৷

মূলতঃ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ অধ্যয়ন আৰু ক্ষেত্ৰ ভিত্তিক গৱেষণাৰ জৰিয়তে তেওঁ লাভ কৰা অভিজ্ঞতা আৰু ভালেমান উদ্বেগজনক গুৰুত্বপূৰ্ণ তথ্য গ্ৰন্থখনত তুলি ধৰিছে৷ বিশ্ব প্ৰকৃতিৰ সংকটে মানৱ মানৱ জাতিলৈ কঢ়িয়াই অনা সংকটৰ প্ৰসংগৰপৰা আৰম্ভ কৰি আমাৰ নিচেই চিনাকি কামাখ্যা ধাম আৰু নীলাচলৰ চৌপাশৰ পৰিৱেশ কিদৰে সলনি হৈছে আৰু মানুহৰ নীৰৱ আগ্ৰাসনে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে তাক তেওঁ তথ্যসহকাৰে বিশ্লেষণ কৰিছে এই গ্ৰন্থখনত৷

অসম চৰকাৰৰ মিডিয়া ফেল'শ্বিপৰ বাবে এই বিষয়টো সন্দৰ্ভত গৱেষণা কৰা লেখিকা ভূঞাই নীলাচলৰ প্ৰকৃতি, কামাখ্যাৰ ঐতিহ্যক অনুভাৱন কৰাৰ চেষ্টা কৰিছে আৰু তাৰ সংকটবোৰ নিৰসনৰ পথৰো সন্ধান কৰিছে৷ মানুহৰ আগ্ৰাসনৰ লগে লগে অইন জীৱ কুললৈ অহা সংকট আৰু অৱধাৰিতভাৱে পৱিত্ৰ পীঠখনলৈ অহা সংকটৰ কথাও তথ্যসহকাৰে দাঙি ধৰে লেখিকাই৷

আনহাতে,  তেওঁৰ আনখন গ্ৰন্থ 'নিৰ্বাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য'ত তেওঁ গভীৰ সংবেদনশীলতাৰে ভালেমান স্পৰ্শকাতৰ বিষয়ক তুলি ধৰিছে৷ বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সংকলন এই গ্ৰন্থখনত 'সুখৰ সন্ধান', 'আধুনিক অভিমন্যু', 'নিৰ্যাতিত পুৰুষ আৰু নাৰীবাদত গ্লেমাৰ', বতাহত নীৰৱ ঘাতক', 'যৌৱন ঘূৰাই দিয়া চিকিৎসকগৰাকী', 'শাৰীৰিক প্ৰত্যাহ্বান যেতিয়া জীৱন জিনাৰ পথ হয়'  আদিৰ দৰে ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু তিনিটা অনুবাদ লেখাও সন্নিৱিষ্ট কৰা হৈছে৷

সাংবাদিকতাৰ অভিজ্ঞতা আৰু এগৰাকী সৃজনশীল লেখকৰ সংবেদনশীলতাই এই গ্ৰন্থখনক অতুলনীয় বিচিত্ৰতা দান কৰিছে৷ গ্ৰন্থ দুখন প্ৰকাশ কৰিছে অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী 'অসম বুক ট্ৰাষ্টে'৷ উল্লেখ্য যে প্ৰীতিৰেখা ভূঞাই 'নিয়মীয়া বাৰ্তা', 'অসমীয়া প্ৰতিদিন' কাকতত প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত হোৱাৰ লগতে আন কাকত-আলোচনীতো নিয়মিয়াকৈ বিভিন্ন বিষয় আৰু শৈলীৰ লেখা লিখি আহিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in