মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত এজন বাংলাদেশী গ্ৰেপ্তাৰ...

মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত ৰবীন মিয়া নামৰ এজন বাংলাদেশী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
mankachar
mankachar

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ৰবীন মিয়া নামৰ এজন বাংলাদেশী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ হৰিণমাৰাত বাংলাদেশী নাগৰিকজনৰ ঘৰ বুলি জানিব পৰা গৈছে।

কুকুৰমাৰা ভাৰত বাংলাদেশ সীমান্তত থকা এখন দলঙৰ তেলেৰে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশ নাগৰিকজনে। আৰক্ষীয়ে বাংলাদেশী যুৱকজনৰ লগতে মানকাচৰৰ কুকুৰমাৰাৰ আৰু এজন যুৱকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

মানকাচৰ আৰক্ষী আৰু বি এছ এফৰ যৌথ অভিযানত নিশা আটক কৰি গ্ৰেপ্তাৰ কৰে বাংলাদেশীটোক । উল্লেখ্য যে ১৮ নৱেম্বৰ তাৰিখে নিশাৰ ভাগত ভাৰতত প্ৰৱেশ কৰিছে বাংলাদেশী নাগৰিকজনে। ভাৰতত ফুৰিবলৈ অহা বুলি প্ৰাথমিক তদন্ত পোহৰলৈ আহিছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in