মানকাচৰত ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী...

আন্তৰাষ্ট্ৰীয় সীমান্তৰ দলঙৰ তলেৰে ভাৰতলৈ প্ৰৱেশ কৰাৰ স্বীকাৰোক্তি

author-image
Asomiya Pratidin
New Update
মানকাচৰত ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী...

ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী যুৱক। জানিব পৰা অনুসৰি ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ দলং এখনৰ তলেৰে ভাৰতত প্ৰৱেশ কৰি চৰ কুকুৰমাৰাৰ নুৰ আবেদিন নামৰ কৃষক বন্ধুৰ ঘৰত আশ্ৰয় লোৱা অৱস্থাত আৰক্ষীয়ে আটক কৰি গ্ৰেপ্তাৰ কৰে।

Advertisment

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী চৰ কুকুৰমাৰাত শনিবাৰে নিশা প্ৰায় ৮ বজাত মানকাচৰ আৰক্ষী আৰু ৪৫ নং বেটেলিয়ানৰ কুকুৰমাৰা বি এছ এফে ড্ৰাগছৰ বিৰুদ্ধে এক যৌথ অভিযান চলায়। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু বি এ ছএফে গাঁৱখনৰ নুৰ আবেদিন নামৰ ব্যক্তিজনৰ ঘৰত ড্ৰাগছ বিৰোধী অভিযান চলাই ঘৰখনৰ পৰা ড্ৰাগছ জব্দ কৰিব নোৱাৰিলেও এটা বাংলাদেশী যুৱকক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে মানকাচৰ আৰক্ষীয়ে বাংলাদেশী যুৱকটোক সোধ-পোছৰ অন্তত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ হৰিণধৰা গাঁৱৰ আব্দুল হাই মণ্টুৰ পুত্ৰ ৰবিন মিয়া (২৩) বুলি বাংলাদেশী যুৱকটোক চিনাক্ত কৰে। বাংলাদেশী যুৱকজনক চৰ কুকুৰমাৰাৰ নুৰ আবেদিনে আশ্ৰয় দিছিল। যোৱা ১৮ নবেম্বৰ পুৱতি নিশাৰ ভাগত বোৱালীয়া ভাৰত-বাংলাদেশ সীমান্তৰ দলং এখনৰ তলেৰে ভাৰতলৈ প্ৰৱেশ কৰা বুলি আৰক্ষীৰ ওচৰত বাংলাদেশী যুৱকজনে স্বীকাৰোক্তি দিয়া বুলি উল্লেখ কৰে।

আৰক্ষী সুত্ৰে দাবী কৰা মতে, সীমান্তৰ কাইটীয়া তাৰৰ বেৰৰ সিপাৰে নো- মেনছ লেণ্ডত চৰ কুকুৰমাৰাৰ নুৰ আবেদিন আৰু বাংলাদেশী ৰবিন মিয়াই ওচৰ -পাজৰে খেতি কৰাৰ বাবে দুয়োৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল। দুয়ো ফলত নুৰ আবেদিনৰ ঘৰত বাংলাদেশী বন্ধুটো ফুৰিবলৈ আহি আৰক্ষীৰ হাতত কৰায়ত্ব হয়। বাংলাদেশী যুৱকটো ফুৰিববলৈ অহা বুলি আৰক্ষীৰ ওচৰত দাবী কৰিলেও আৰক্ষীয়ে প্ৰকৃত ৰহস্য বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে। কাইলৈ পুৱাৰ ভাগত জিলাখনৰ ফেকামাৰীস্থিত জিলা সত্ৰ ও ন্যায়াধীশ আদালতত ধৃত বাংলাদেশী যুৱকটোক হাজিৰ কৰিব বুলি মানকাচৰ আৰক্ষীৰ চক্ৰ বিষয়া তিলক চন্দ্ৰ ৰায়ে জানিবলৈ দিয়ে।

আৰু পঢ়কঃ হেলেম ৰাজহ চক্ৰ বিষয়া লুকুমণি বৰাই মুকলি কৰিলে দুটা অপেন লাইব্ৰেৰী...

mankachar police assam Assam police