নৱবৰ্ষত নব্য চিন্তা বসন্তগিৰি সহায় সফুঁৰা

নৱবৰ্ষত নব্য চিন্তা বসন্তগিৰি সহায় সফুঁৰা

ডিজিটেল সংবাদ,নগাঁও : নৱবৰ্ষৰ চিন্তা ৷ নিয়া আৰু দিয়া ৷ আপোনাক যদি প্ৰয়োজন তেনেহ’লে নিয়ক ৷ আপোনি যদি দিব পাৰে মুক্তহস্তে দিয়ক ৷ যদি প্ৰয়োজন বিনামূলীয়াকৈ নিয়ক আৰু যদি পাৰে মুক্তহস্তে দান দি থৈ যাওঁক ৷ তিনিটা বাকচ ৷ এই বাকচ কেইটাক লৈ ২০২৩ বৰ্ষৰ পহিলা দিনত আৰম্ভ হৈছে নব্য সূচনা ৷

এই বাকচ তিনিটাৰ এটাত আছে কিতাপ ৷ আনটো বাকচত আছে নিত্যব্যৱহাৰ্য সামগ্ৰী ৷ শেষৰটো বাকচত আছে কাপোৰ ৷ আৰ্থিক ভাবে দৈন্য লোকে এই তিনিটা বাকচৰ পৰা সহায় লব পাৰিব ৷ আৰ্থিক ভাবে স্বচ্ছল লোকে দৈন্যজনৰ সহায়ৰ বাবে এই বাকচ কেইটাত মুক্ত হস্তে দান কৰিব পাৰিব ৷

মানৱ সেৱাৰ নব্য চিন্তাৰে নগাঁৱত আৰম্ভ হৈছে এই পদক্ষেপ ৷ নামকৰণ কৰা হৈছে বসন্তগিৰি সহায় সফুঁৰা ৷ চহৰখনৰ আমোলাপট্টিৰ প্ৰতাপ শৰ্মা পথত আৰম্ভ হৈছে মানুহক সহায় কৰাৰ এই ইতিবাচক চিন্তা ৷

সমাজকৰ্মী ববিতা শইকীয়া আৰু তেওঁৰ পৰিয়ালে আৰম্ভ কৰিছে এই পদক্ষেপ ৷ শইকীয়াৰ প্ৰয়াত পিতৃ ডা° বসন্ত কুমাৰ শইকীয়া আৰু মাতৃ গিৰি বালা শইকীয়াৰ স্মৃতিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

পহিলা জানুৱাৰীত কবি ডা° প্ৰয়াগ শইকীয়া, সমাজকৰ্মী মুকুট ভূঞা আৰু ৰঞ্জিত তামুলী ফুকনে বসন্তগিৰি সহায় সফুঁৰা আনুষ্ঠানিক ভাৱে মুকলি কৰে ৷ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাও উপস্থিত থাকে ৷ পৰবৰ্তী সময়ত যোৰহাট, গুৱাহাটী, গেংটক, মুম্বাই আদিলৈ এই সফুঁৰা সম্প্ৰসাৰণ কৰিব বুলি জানিব দিয়ে ববিতা শইকীয়াই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in