তাচপাতৰ দৰে খহিল চিৰাঙৰ ২কোটি টকীয়া জলসিঞ্চন প্ৰকল্প...

প্ৰভাৱিত ৭/৮ গাঁৱৰ ২৫০০ বিঘা কৃষিভূমি। দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ আৰু অভিযন্তাই মিলি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট-অভিযোগ ৰাইজৰ...

author-image
Asomiya Pratidin
New Update
তাচপাতৰ দৰে খহিল চিৰাঙৰ ২কোটি টকীয়া জলসিঞ্চন প্ৰকল্প...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বেংতল ৰাজহচক্ৰৰ ডোমগাঁও-শালবাৰী গাঁৱত সোমবাৰে পুৱাৰ ভাগত এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। তাচ-পাতৰ দৰে ভাগি পৰে ডোমগাঁও-শালবাৰী স্থিত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ প্ৰকাণ্ড শ্লুইচ গেট ।

Advertisment

তদানীন্তন বিটিচি প্ৰশাসনৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ২০০৬-০৭ চনত এই শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু ২০১০ চনত এই শ্লুইচ গেট কৃষক ৰাইজৰ হকে মুকলি কৰা হৈছিল। আজি পুৱা ৯ বজাত বিনা বৰষুণ তথা বাৰিষাৰ বাঢ়নী পানী অবিহনেই হঠাতে শ্লুইচ গেটখন ভাগি পৰাত ৭/৮ খন গাঁৱৰ কৃষিজীৱী লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

কাৰণ উক্ত জলসিঞ্চন প্ৰকল্পৰ পানীৰ ওপৰতে বহুলাংশে নিৰ্ভৰশীল কৃষি নিৰ্ভৰ পৰিয়াল বিলাকলৈ ভাবুকি নমাই আনিছে। এই ২ কোটি টকীয়া জলসিঞ্চন প্ৰকল্পটো হঠাতে ভাগি পৰাত ৭/৮ খন গাঁৱৰ ২৫০০ বিঘা কৃষিভূমিৰ ভৱিষ্যত এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। যাৰ কাৰণে শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষিজীৱি লোকসকল ।

স্থানীয় লোকৰ অভিযোগ বিপিএফ চৰকাৰৰ দিনত জলসিঞ্চন বিভাগৰ কোকৰাঝাৰ সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্থ কাৰ্যবাহী অভিযন্তা অমৰজ্যোতি ডেকা আৰু কোকৰাঝাৰৰ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ ছহীদ আলীয়ে মিলি নামমাত্ৰ লোৰ ব্যৱহাৰ কৰি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি এই শ্লুইচ গেট নিৰ্মাণ কৰিছিল। যাৰ কাৰণে আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ১২ বছৰৰ মূৰত এইদৰে তাচ-পাতৰ ঘৰৰ দৰে ভাগি পৰে দলং খন।

একমাত্ৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱাৰ বাবেই জলসিঞ্চন বিভাগৰ এই কোটি টকীয়া শ্লুইচ গেটখন এইদৰে ভাগি পৰে। যাৰ ভুক্তভোগী হৈছে এতিয়া এই অঞ্চলৰ খেতিয়কসকল। কৃষক ৰাইজে ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে এই জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি সংঘটিত কৰা অভিযন্তা আৰু ঠিকাদাৰসকলৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

ইপিনে জলসিঞ্চন বিভাগৰ এই শ্লুইচ গেট ভাগি পৰাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আহি উপস্থিত হয় চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু জলসিঞ্চন বিভাগৰ চিৰাং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধ্ৰুৱজ্যোতি তামুলী। এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক জয়ন্ত বসুমতাৰীয়ে এই ঘটনাৰ বাবে সম্পূৰ্ণ ৰূপে দায়ী কৰে তদানীন্তন বিপিএফ দলৰ চৰকাৰক।

বিগত ১৫ বছৰ উন্নয়নৰ নামত হাগ্ৰামা মহিলাৰীৰ শাসনকালত কিদৰে দুৰ্নীতি সংঘটিত হৈছিল তাৰ জলন্ত উদাহৰণ হৈছে ডোমগাঁও-শালবাৰী জলসিঞ্চন বিভাগৰ শ্লুইচ গেট ভাগি পৰাৰ ঘটনা। বিটিআৰ এলেকাত বিপিএফ দলৰ শাসনকালত উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত কৰি হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ বোজা বৰ্তমানৰ ইউপিপিএল চৰকাৰৰ মূৰত জাপি দি গৈছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

আজিৰ এই ঘটনাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে এই অঞ্চলৰ কৃষক সকলৰ স্বাৰ্থৰ কথা চিন্তা কৰি যিমান সোনকালে সম্ভৱ অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সৈতে আলোচনা কৰি প্ৰকল্পটো পুনঃনিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে। নিৰ্মাণ কাৰ্যৰ সময়ত দুৰ্নীতি সংঘটিত হোৱাৰ কথা পোনপটীয়াকৈ স্বীকাৰ নকৰিলেও চিৰাঙৰ জলসিঞ্চন বিভাগৰ বৰ্তমানৰ কাৰ্যবাহী অভিযন্তাই উপযুক্ত তদন্তৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে ।

Also Read: এখন ঘৰৰ বাবে এগৰাকী পত্নীৰ বলিদান স্বামীৰ ৮ ঘন্টাৰ চাকৰিতকৈ কম নহয়ঃ উচ্চ ন্য়ায়ালয়

GOVT OF ASSAM