/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c9c332f4-0e27-470a-810b-949ea4c19170/MANIPUR.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ মৃত্যুৰ উপত্যকাত পৰিণত হৈছে মণিপুৰ। সোমবাৰে ইম্ফল পশ্চিমৰ কদাংবণ্ডত সংঘটিত হোৱা তীব্ৰ গুলীচালনাত ৪জন সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু এজন গাঁৱৰ স্বেচ্ছাসেৱক নিহত হয়। এই ঘটনাত ইম্ফল পশ্চিমৰ উৰিপক আচোম লেইকাইৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান চাইখোম ৰকেট সিঙৰ পুত্ৰ ছাইখোম সঞ্জিতকুমাৰ সিং নামৰ এজন যুৱক নিহত হয়।
নিহত ৪কুকি উগ্ৰপন্থীৰ পৰিচয় নিশ্চিত কৰিব পৰা হোৱা নাই। প্ৰাপ্ত খবৰ অনুসৰি সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে কাংচুপৰ পাদদেশ আৰু কাডাংবণ্ড প্ৰথম খণ্ডৰ কাষৰ মেইটেই বসতিপূৰ্ণ অঞ্চলত নিৰ্মিত বাংকাৰত আক্ৰমণ আৰম্ভ কৰিছিল।
মেইটেই গাঁৱৰ স্বেচ্ছাসেৱকসকলে এই আক্ৰমণৰ প্ৰতিশোধ লয় আৰু সোমবাৰে পুৱালৈকে গুলীয়াগুলি চলি থাকে। প্ৰাৰম্ভিক গুলীচালনাৰ পিছত গাঁৱৰ স্বেচ্ছাসেৱকসকলে আক্ৰমণ প্ৰতিহত কৰিবলৈ কাডাংবণ্ডত সোমাই তেওঁলোকৰ বাংকাৰসমূহ ধ্বংস কৰে।
অৱশ্যে বন্দুকৰ যুঁজত কোনো লোকৰ মৃত্যু হোৱা নাই। পুৱা প্ৰায় ৭.৩০ বজাত গেলজাং কবৰস্থানৰ সমীপত নিৰ্মিত কুকি উগ্ৰপন্থী বাংকাৰ ভাঙি পেলোৱাত স্বেচ্ছাসেৱকসকলে সফল হয়। ইফালে বাংকাৰসমূহ ভাঙি পেলোৱাৰ চেষ্টাৰ সময়তে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে কেইবাফালৰ পৰা স্বেচ্ছাসেৱকসকলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।
কুকি উগ্ৰপন্থীয়ে কাংচুপ ৰেঞ্জত থকা আছাম ৰাইফলছৰ শিবিৰতো আক্ৰমণ চলাইছিল, তাৰ পিছত এ আৰেও আত্মৰক্ষাৰ বাবে প্ৰতিশোধ লয়। গেলজাং কবৰস্থানত এই প্ৰচণ্ড গুলী বিনিময়ৰ সময়ত সঞ্জিত কুমাৰ থিতাতে নিহত হয় আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে ৰাজ্যিক বাহিনী আৰু কেন্দ্ৰীয় বাহিনীৰ সংযুক্ত দলে।
ইম্ফল-কাংচুপ পথৰ কাষেৰে শোকসন্তপ্ত শোভাযাত্ৰাত যুৱ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে ইম্ফল-কাংচুপ ষ্ট্ৰেচত ভিৰ কৰি ক্ষুব্ধ জনতাই যান-জঁট বন্ধ কৰি দিয়ে । মৃতদেহটো ইম্ফলৰ ৰিমছৰ মৰ্গত ৰখা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হোৱা নাই।
Also Read: কলিয়াবৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ