/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8578574a-56c5-486d-99ca-8b48f5e00e11/science_exhibition.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যিক পৰ্যায়ৰ ৩০ তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তথা ৰাজ্যিক বিজ্ঞান মেলা পাঁচদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ পৰ্যটন নগৰী তেজপুৰত অৱস্থিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰ, ২০২২ লৈ অনুষ্ঠিত হৈ যায়। এই সমাৰোহত অসমৰ বিভিন্ন জিলাৰ পৰা অহা শিশু সকলে মুঠ ২৭১ টা বিজ্ঞান প্ৰকল্প উপস্থাপন কৰে। ইয়াতে দৰং জিলাৰ পৰা নিৰ্বাচিত হৈ অহা ৭ জন শিশু বিজ্ঞানীয়ে নিজৰ নিজৰ প্ৰকল্প সমূহ উপস্থাপন কৰে।
এইসকলৰ মাজৰে ক্ৰিয়েটিভ মিশ্যন একাডেমি, বিষ্ণুপুৰৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দলপতি তাহচিন ৰাব্বি ৰহমান আৰু সহকৰ্মী ৰিহান ইয়াচিক আলমে পৰিচালক ৰঞ্জু মনি বেগমৰ তত্বাৱধানত প্ৰস্তুত কৰা বিজ্ঞান প্ৰকল্পটি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হয়। ৩০ তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ গুজৰাটৰ আহমেদাবাদত অহা ২৭ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব।
উল্লেখযোগ্য যে দৰং জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহখনি মঙ্গলদৈ মহাবিদ্যালত যোৱা নৱেম্বৰ মাহৰ ২০ তাৰিখে অনুস্থিত হৈ যায়। ইয়াত দৰং জিলাৰ বিভিন্ন অঞ্চলৰ শিশু সকলে ৭০ তকৈ অধিক বিজ্ঞান প্ৰকল্প উপস্থাপন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/08e742b3-908f-4896-a7e7-65d693c066eb/WhatsApp_Image_2022_12_21_at_11_34_10_AM.jpeg)
জিলা বিদ্যায়তনিক পৰিষদে ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচন কৰা শিশু বিজ্ঞানৰ দলকেইটা আছিল ক্ৰমে হলৌচৌকা ছোৱালী হাইস্কুলৰ শ্বাহিদ আলম আৰু শ্বামিম আলমৰ দল, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ দিপ জ্যোতি বণিয়া আৰু নিহাৰিকা হাজৰিকাৰ দল, ক্ৰিয়েটিভ মিশ্যন একাডেমীৰ তাহচিন ৰাব্বি ৰহমান আৰু ৰিহান ইয়াচিক আলমৰ দল, দেওমৰনৈ ছোৱালী হাইস্কুলৰ মীৰ ফাৰ্ণাচ নাশ্ৰিন আৰু হিমাদ্ৰী দেৱীৰ দল, ডাহী হাইস্কুলৰ মঞ্জুল আলি আৰু আব্দুল গনি ওস্মানিৰ দল, ডাহী বালিকা বিদ্যাপীঠ হাইস্কুলৰ মনালী শৰ্মা আৰু তাজমিন নাহাৰ আহমেদৰ দল, মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিতুস্মিতা সাহা আৰু সীমা সৰকাৰৰ দল।
দৰং জিলাৰ পৰা তেজপুৰলৈ যোৱা শিশু বিজ্ঞানীৰ দলটোৰ সহযোগী আছিল মঙলদৈ মহাবিদ্যালয়ৰ ডক্টৰ কংকণ শৰ্মা (জিলা সমন্নয়ক) আৰু ডক্টৰ দেবাশ্ৰী কাকতি (জিলা শৈক্ষিক সমন্নয়ক), লগতে তত্বাৱধায়ক শিক্ষক হিচাপে ক্ৰমে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ৰ সপোন জ্যোতি ডেকা আৰু ছিপাঝাৰ এক্সেল চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ তাপস্বী শৰ্মা । ৰাজ্যিক বিদ্যায়তনিক পৰিষদে দৰং জিলাৰ প্ৰকল্প সমূহৰ গুণগত মানদণ্ডত যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে।
আৰু পঢ়ক : আগ্ৰাসী নীতি চীনৰ, বেদখল সমুদ্ৰ তীৰৰ বৃহৎ এলেকা...