ভূ-মাফিয়াৰ ৰূপত শাসকীয় দলৰ পঞ্চায়ত সভাপতি, কাউন্সিলাৰ...

মঙলদৈ চহৰৰ নিকটৱৰ্তী ১ নং গেৰিমাৰী গাঁৱত ভূ মাফিয়াৰ দপদপনিৰ অভিযোগ
mangaldoi
mangaldoi

ডিজিটেল সংবাদ,‌ মঙলদৈ : মঙলদৈ চহৰৰ নিকটৱৰ্তী ১ নং গেৰিমাৰী গাঁৱত ভূ মাফিয়াৰ দপদপনিৰ অভিযোগ। মোৱামাৰী গাঁও পঞ্চায়তৰ শাসকীয় দলৰে পঞ্চায়তৰ সভাপতি, কাউন্সিলাক দেখা গ'ল ভূ মাফিয়া ৰূপত। খোদ পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰৰ উপস্থিতিতে এদল মহিলাক লগত লৈ এটা দুখীয়া নিচলা অসহায় পৰিয়ালক ঘৰ দুৱাৰ ভাঙি উলিয়াই দিলে ঘৰৰ পৰা।

ভাঙি পেলালে ঘৰৰ বয় বস্তু, মেটেকাৰে ভড়া খালত দলিয়াই দিলে কণ কণ ছাত্ৰ-ছাত্ৰীৰ কিতাপ, বহী স্কুলৰ বেগ। উপায়হীন হৈ পৰিয়ালটোৱে কণ কণ শিশু দুটি লগত লৈ এতিয়া দিন কটাইছে মুকলি আকাশৰ তলত। বন্ধ হৈ পৰিল কণ কণ শিশুদুটিৰ ভৱিষ্যত।

এয়া মোৱামাৰী গাঁও পঞ্চায়তৰ এলেকাৰ অমানৱীয় ঘটনা। মাত্ৰ দুদিনমান আগতে মোৱামাৰী গাঁও পঞ্চায়তৰ এলেকাৰে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে এটা থকা ঘৰৰ বাবে মুখ্যমন্ত্ৰীক আবেদন কৰিব লগা অৱস্থা হৈছিল। আৰু তৎকালীনভাৱে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এফালে খোদ পঞ্চায়তৰ সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰী আভাস গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আনফালে কিছু নিলগত সেইগৰাকী পঞ্চায়তৰ সভাপতি ৰেখা বিশ্বাসৰ নিৰ্দেশতেই ভূ মাফিয়াই অসহায় মহিলাৰ ওপৰত চলালে তাণ্ডৱ।

অভিযোগ অনুসৰি সভাপতি গৰাকীকে এদল মহিলা লগত লৈ আহি অসহায় পৰিয়ালটিক নিজৰ ঘৰৰ পৰা জোৰ কৰি উলিয়াই দি আন মানুহক জোৰ কৰি সুমুৱাই দিয়ে। যি সময়ত বিজেপি দলে মানৱতাৰ জয় গানৰ কথা কৈ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে, তেনে সময়তে এনেধৰণৰ কৰ্ম কাণ্ডই কি ইংগিত বহন কৰিছে সেয়াহে লক্ষ্যণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in