কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাত মৃতদেহ সৎকাৰত বাধা প্ৰদান কৰ্তৃপক্ষৰ...

কঁহৰা বনাঞ্চলৰ অধীনত থকা হালধিবাৰী পঞ্চম সংযোজন এলেকাত মৃতদেহ দাহ কৰাত বাধা প্ৰদান ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষৰ
kaziranga national park
kaziranga national park

ডিজিটেল ডেস্ক, বোকাখাত : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলৰ লোকে বুধবাৰে এজন লোকৰ শৱদাহ কৰিবলৈ যাওঁতে বন বিভাগৰ লোকে বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ বিষয়া আৰু স্থানীয় ৰাইজৰ মাজত মৃতদেহ দাহ কৰাক লৈ তুমুল বিতৰ্কৰ লগতে উত্তেজনাৰ সূত্ৰপাত হোৱাত ঘটনাস্থলীত কঁহৰা আৰক্ষী উপস্থিত হ’ব লগা হয়।

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ কাষৰীয়া তথা কঁহৰা আৰক্ষী চকীৰ অধীনত হালধিবাৰী গাঁৱত বিনোদ ওৰাং নামৰ এজন লোকৰ মৃত্যু হয়। বুধবাৰে পুৱা স্থানীয় লোকে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত থকা হালধিবাৰী পঞ্চম সংযোজন এলেকাত মৃতদেহ দাহ কৰিবলৈ নিওঁতে বন বিভাগৰ লোকে বাধা প্ৰদান কৰে । পূর্বে উক্ত এলেকা স্থানীয় লোকৰ ম্যাদী পট্টাৰ ভূমি আছিল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি আংলং পাহাৰলৈ বন্যপ্রাণী অহা-যোৱা কৰাত সুবিধা হোৱাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উক্ত এলেকা পঞ্চম সংযোজনৰ অন্তৰ্ভুক্ত কৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইফালে এই ভূমিক লৈ স্থানীয় ৰাইজ আৰু বন বিভাগৰ মাজত গুৱাহাটী উচ্চ ন্যায়ালয়ত দীৰ্ঘদিন গোচৰ চলাৰ অন্তত ন্যায়ালয়ে উক্ত ভূমি বন বিভাগক ভূমি প্রদান কৰিবলৈ চৰকাৰক নির্দেশ দিছিল।

ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বোকাখাত ৰাজহ বিভাগে ইতিমধ্যে পঞ্চম সংযোজনৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক হস্তান্তৰ কৰিছে যদিও আজিলৈকে চৰকাৰে উক্ত ভূমিৰ ক্ষতিপূৰণ দিয়া নাই। ফলত স্থানীয় ৰাইজে চৰকাৰৰ পৰা ক্ষতিপূৰণ নোপোৱাত দখল এৰি দিবলৈ ইচ্ছা প্রকাশ কৰা নাই ।

অন্যহাতে, পূৰ্বৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া হালধিবাৰীৰ উক্ত এলেকাত স্থানীয় লোকে মৃতদেহ দাহ কৰি থকাৰ কাৰণে বুধবাৰেও শৱদাহ কৰিবলৈ নিওঁতে বেমেজালিৰ সৃষ্টি হয়। ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈয়ে জানিবলৈ দিয়া মতে, হালধিবাৰীৰ পঞ্চম সংযোজনৰ ভূমি অৰ্থাৎ হালধিবাৰী এনিমেল কৰিড'ৰ ইতিমধ্যে ৰাজহ বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক হস্তান্তৰ কৰাত বন বিভাগে সুৰক্ষাৰ কাম কৰি থকাৰ বাবে বন বিভাগৰ মাটিত এনেধৰণৰ বন্য প্রাণী আইন ভংগ কৰাত বাধ্য-বাধকতা থকাৰ বাবে শৱদাহ কৰাত বাধা প্ৰদান কৰা হৈছে।

বন বিষয়া আৰু ৰাইজৰ মাজত বহু বাক বিতণ্ডাৰ অন্তত কাষতে থকা বাগৰি ৰাজহুৱা শ্মশানলৈ মৃতদেহ নি দাহ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী তৃতীয় সংযোজন এলেকাতো শৱদাহ কৰাত সমস্যাই দেখা দিছে। স্থানীয় ৰাইজে মৃতদেহ দাহ কৰিবলৈ নিওঁতে বন বিভাগৰ লোকে বাধা প্ৰদান কৰি থকাৰ অভিযোগ উঠিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in