/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f106db33-53e1-4197-9085-39f549a4e470/uruka.jpg)
ডিজিটেল ডেস্ক : অসমীয়াৰ হিয়াৰ আমঠু হ'ল বাপতি সাহোন বিহু । আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ পূৰ্বৰ উৰুকা । পুহ আৰু মাঘ মাহৰ পূৰ্ব সন্ধিত উদযাপন কৰা হয় উৰুকা । পৰিয়ালৰ সৈতে এসাজ খোৱাৰ মানসেৰে শিক্ষা অথবা কৰ্মসূত্ৰে ঘৰৰ পৰা আতৰত থকা লোক সকলো আজি উপস্থিত নিজা বাসগৃহত । দুয়ো হাতত বজাৰৰ মোনা । কোনোবাই যদি প্ৰিয় মাংস অথবা মাছ ক্ৰয় কৰিছে আন কোনোবাৰ চকু হয়তো পুৱাৰ সতেজ শাক-পাচলিত । মুঠতে উখল-মাখল সমগ্ৰ ৰাজ্য ।
এই উৰুকাৰ প্ৰাক্ ক্ষণতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাট-বজাৰত দেখা গ'ল ৰাইজৰ ভিৰ । পুৱতি নিশাৰে পৰাই কৰা অপেক্ষাৰ অন্ত পেলাই গ্ৰাহকৰ হেতা উপৰা লাগিছে সুস্বাদু ৰৌ বৰালি ক্ৰয় কৰিবলৈ । কেৱল এয়াই নহয় সৰভোগৰ দৈ, ৰামদিয়াৰ মাখন, দেৰগাওঁৰ গুৰ, তিতাবৰৰ চিৰাও ক্ৰয় কৰা হৈছে কাইলৈ পুৱাই মেজিত জুই দি পৰিয়ালৰ সকলো অপায় অমংগল দূৰ কৰাৰ প্ৰাৰ্থনাৰ পিছতে লগে ভাগে পুৱাৰ জলপান খাবলৈ ।
কি গুৱাহাটী, কি গোলাঘাট, কি মঙলদৈ সকলোতে এতিয়া কেৱল ভোগালীক আদৰাৰ প্ৰস্তুতি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us