ভাৰ্ষিতা চহৰীয়াৰ ফিডে ৰেটিং লাভ

author-image
Asomiya Pratidin
New Update
ভাৰ্ষিতা চহৰীয়াৰ ফিডে ৰেটিং লাভ

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান দবা খেলুৱৈ ভাৰ্ষিতা চহৰীয়াই লাভ কৰে ফিডে ৰেটিং । বিশ্ব দবা মহাসংঘই ১ জানুৱাৰী, ২০২৩ তাৰিখে প্ৰকাশ কৰা ৰেটিং তালিকা অনুসৰি ভাৰ্ষিতাই ১৩৮৮ ৰেটিং পইণ্ট লাভ কৰিছে।

Advertisment

২০২২ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখৰ পৰা ১৮ তাৰিখলৈ মঙলদৈত অনুষ্ঠিত উত্তৰ-পূব দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ভাৰ্ষিতাৰ নাম ৰেটিং তালিকাত অন্তৰ্ভুক্ত হৈছে। মঙলদৈ নিৱাসী ৰূপমজিৎ চহৰীয়া আৰু তন্দ্ৰালী বৰুৱা চহৰীয়াৰ সন্তান ভাৰ্ষিতা গ্লৰিয়াচ পাব্লিক স্কুল, মঙলদৈৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী।

ভাৰ্ষিতাৰ এই কৃতিত্বৰ কাৰণে অভিনন্দন জনাই দৰং জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক মাধৱ শৰ্মা আৰু সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতাই।

আৰু পঢ়ক : সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুক আদৰিবলৈ ব্যস্ত বটদ্ৰৱাৰ ভকত বৈষ্ণৱ

assam world chess fedaration mangaldoi