সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুক আদৰিবলৈ ব্যস্ত বটদ্ৰৱাৰ ভকত বৈষ্ণৱ

গুৰুজনাৰ দিনৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি সত্রৰ ভকত বৈষ্ণৱে পাদশিলাৰ পৰা আৰম্ভ কৰিলে বিহুৰ "হৰিধ্বনি"।
সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহুক আদৰিবলৈ ব্যস্ত বটদ্ৰৱাৰ ভকত বৈষ্ণৱ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মাঘ বিহুলৈ মাজত মাথো ৯ দিন থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন সাংস্কৃতিক পৰম্পৰাৰে মাঘ বিহুক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। তাৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সত্ৰৰ ভকত বৈষ্ণৱে সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ভোগালীক আদৰাৰ পৰ্ব আৰম্ভ কৰিছে।

অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱাত গুৰুজনে আৰম্ভ কৰি যোৱা সত্ৰ কৃষ্টিৰ বৈভৱময় ঐতিহ্যৰে মহীয়ান হৈ থকা এক মাঙ্গলিক অনুষ্ঠান "হৰিধ্বনি" দিয়াৰ পৰ্বৰ মাজেৰে ভেলাঘৰৰ বাবে ঘৰে ঘৰে গৈ দান বৰঙণি সংগ্ৰহৰ জননী দিয়া পৰম্পৰাগত কাৰ্য্যসূচী আৰম্ভণি হৈছে। সত্ৰৰ ভকত বৈষ্ণৱ পাদশিলাত সমবেত হৈ হৰিধ্বনি দি, পৰৱৰ্তী সময়ত সত্ৰৰ প্ৰতিজন ভকত বৈষ্ণৱ আৰু প্ৰতিটো পৰিয়ালৰ চোতালত হৰিধ্বনি দিয়াৰ পৰম্পৰা অব্যাহত ৰাখিব।

চোতেলে চোতালে ৰাইজ সমবেত হৈ সমস্বৰে ‘গৃহষ্ঠ সমন্ধে কুশলে উচ্চ বাকে বোলা হৰি..’ বুলি হৰিধ্বনি দিয়া এই অনুপম পৰম্পৰাই বৰ্তমান বটদ্ৰৱাত এক সুন্দৰ আৰু আধ্যাত্মিক ৱাতাবৰণ সৃষ্টি কৰিছে। গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি বটদ্রৱাৰ ৰাইজে এই হৰিধ্বনিৰ দ্বাৰাই প্রতিঘৰ গৃহস্থৰ পৰা দান বৰঙণি আদি সংগ্রহ কৰে। এই দান-বৰঙণিৰে শলগুৰি সত্রৰ ৰাইজে দৌল মন্দিৰৰ বাকৰিত আৰু নৰোৱা সত্রৰ ৰাইজে আকাশী গংগাৰ তীৰত ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰতে উৰুকাৰ নিশা সমবেত হৈ নাম-কীৰ্তন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in