এক অচিন ৰোগত পৰি বিছনাত ছটফটাই আছে এটি কনমানি…

এক অচিন ৰোগত পৰি বিছনাত ছটফটাই আছে এটি কনমানি…

author-image
asomiyapratidin
New Update
এক অচিন ৰোগত পৰি বিছনাত ছটফটাই আছে এটি কনমানি…

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ:  পখিলা খেদাৰ বয়সতে বিছনাত ছটফটাই আছে মঙলদৈ ডাহী বনিয়াপাৰাৰ এটি কনমানিয়ে। ডাহী বনিয়াপাৰাৰ মুন্না বনিয়াৰ একমাত্ৰ চাৰি বছৰীয়া কন্যা সন্তানটি জন্মৰ সময়ত সুস্থ আছিল যদিও তাইৰ ন মাহ বয়সত আৰম্ভ হয় এক অচিন ৰোগ।

কণমানিটিৰ চিকিৎসাৰ বাবে পৰিয়ালটিৰ বিক্ৰী গ'ল যথেষ্ট সম্পত্তি৷ কিন্তু ন মাহ বয়সৰে পৰা এতিয়া ছোৱালী জনী চাৰি বছৰত ভৰি দিলে যদিও সুস্থ হৈ নুঠিল। দুৰ্ভগীয়া পৰিয়ালটিয়ে হাতযোৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছে।

শিশুটিৰ উন্নত চিকিৎসাৰ বাবে কিছু টকাৰ প্ৰয়োজন। যদি কোনো সুহৃদয় লোকে শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰে তেনেহ'লে শিশুটিৰ মাতৃ জিন্তি মনি ৰাজবংশীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ ডাঁহী শাখাত থকা একাউন্ট নম্বৰ -7064026004813, IFSC CODE –UTBI0RRBAGB একাউণ্টত আপোনাৰ সামান্য সহায় আগবঢ়াব পাৰিব।

আৰু পঢ়ক : বাৰবাডোছক পৰাস্ত কৰি ছেমি ফাইনেলত ভাৰতীয় মহিলা ক্ৰিকেট দল… 

assam himanta biswa sarma bjp Assam police