বাৰবাডোছক পৰাস্ত কৰি ছেমি ফাইনেলত ভাৰতীয় মহিলা ক্ৰিকেট দল…  

বাৰবাডোছক পৰাস্ত কৰি ছেমি ফাইনেলত ভাৰতীয় মহিলা ক্ৰিকেট দল…  

ডিজিটেল ডেস্ক : কমনৱেলথ গেমছত ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। বুধবাৰে বাৰবাডোছৰ দলটিক ১০০ ৰাণত পৰাস্ত কৰে ভাৰতীয় মহিলা দলে। ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি ১৬৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বাৰবাডোছৰ দলটিয়ে মাত্ৰ ৬২ ৰাণ সংগ্ৰহ কৰি মেচ সামৰিবলগীয়া হয়।

প্ৰথমে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ লগত পৰাস্ত হৈ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে কঠোৰ পৰিশ্ৰম কৰি পাকিস্তানৰ মহিলা ক্ৰিকেট দলক পৰাস্ত কৰাৰ লগতে বুধবাৰে বাৰবাডোছৰ দলটিক পৰাস্ত কৰি ছেমি ফাইনেলত নিজৰ স্থান বনাবলৈ সক্ষম হয়।

উল্লেখ্য যে, কমনৱেলথ গেমছৰ পাছত এইবাৰ ২০২৮ত হব লগা অলিম্পিকতো ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা চলিছে। ইয়াৰ উপৰিও মুঠ ৮টা নতুন খেল সংযোগ কৰাৰ কথা চিন্তা কৰিছে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক সন্থাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in