মঙলদৈত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী...

অগ্নিকাণ্ডৰ ফলত বিপণীখনৰ বহু লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়

author-image
Asomiya Pratidin
New Update
মঙলদৈত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, জুইত জাহ গ'ল লক্ষাধিক টকাৰ সামগ্ৰী...

mangaldoi

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : দেওবাৰে মাজনিশা মঙলদৈ চহৰৰ মাজমজিয়াৰ কীৰিতি বৰা আৰু জগন্নাথ বৰাৰ চেনিটেৰী আৰু ৱাটাৰ চাপ্লাইৰ সামগ্ৰীৰ বিপণী 'গ্ৰীণ হাউচ'ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

Advertisment

অৱশ্যে কোনোলোক এই ঘটনাত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে ৫ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত বিপণীখনৰ বহু লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।

আৰু পঢ়ক : ঢকুৱাখনাত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিহা নাম প্ৰতিযোগিতা...

assam fire mangaldoi