ঢকুৱাখনাত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিহা নাম প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিহা নাম প্ৰতিযোগিতা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমৰ অন্যতম লোক কৃষ্টি আৰু পৰম্পৰাগত লোক নাম  দিহা নামক সাৰ্বজনীন কৰাৰ মানসেৰে  ঢকুৱাখনাৰ অগ্ৰণী দিহা নাম দল লখিমী দিহা নাম দলৰ উদ্যোগত সদৌ অসম ভিত্তিত প্ৰাইজমানি দিহা নাম প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হৈছে ।

Advertisment

অহা ১৭ ডিচেম্বৰ শনিবাৰে ঢকুৱাখনা নগৰৰ ঘাহি গাঁওৰ ভাস্কৰ কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত হব লগীয়া এই দিহা নাম প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দলক নগদ ১৫ হাজাৰ টকা ,দ্বিতীয় শ্ৰেষ্ঠ দলক নগদ ১০ হাজাৰ টকা, তৃতীয় শ্ৰেষ্ঠ দলক নগদ ৭ হাজাৰ টকা, চতুৰ্থ শ্ৰেষ্ঠ দলক নগদ ৫ হাজাৰ টকা আৰু পঞ্চম শ্ৰেষ্ঠ দলক নগদ ৩ হাজাৰ টকাৰে  পুৰস্কৃত কৰা হব ।

তাৰোপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নামাচাৰ্য  হিচাবে বিবেচিত গৰাকীক নগদ ১ হাজাৰ টকা আৰু শ্ৰেষ্ঠ খোল আৰু নাগাৰা বাদক গৰাকীক নগদ ১ হাজাৰ টকাৰে পুৰস্কৃত কৰা হব। প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি দিগন্ত তামূলীয়ে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ আগ্ৰহী প্ৰতিযোগী সকলক 9678640513, 7638895693 আৰু 6002511844 নম্বৰত যোগাযোগ কৰি প্ৰতিযোগিতাৰ নিয়মাৱলী অৱগত হৈ নামভৰ্তি কৰিবলৈ আহ্বান জনাইছে। তাৰোপৰি সভাপতি গৰাকীয়ে উক্ত প্ৰতিযোগিতাত লোক সংস্কৃতি প্ৰেমী ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে ।

আৰু পঢ়ক : আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন...

assam dhakuakhana