মঙলদৈৰ এখন বিদ্যালয়ত চোৰৰ চাফাই অভিযান, লুটি নিলে বহু মূল্যবান সামগ্ৰী

মঙলদৈৰ এখন বিদ্যালয়ত চোৰৰ চাফাই অভিযান, লুটি নিলে বহু মূল্যবান সামগ্ৰী

author-image
asomiyapratidin
New Update
মঙলদৈৰ এখন বিদ্যালয়ত চোৰৰ চাফাই অভিযান, লুটি নিলে বহু মূল্যবান সামগ্ৰী

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ ডাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিশা চোৰে চাফাই অভিযান চলাই লুটি নিলে বিদ্যালয়খনৰ বহু মূল্যবান সামগ্ৰী।

Advertisment

বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ তলা ভাঙি চোৰে লৈ গ'ল কম্পিউটাৰ, প্ৰিন্টাৰ, পানী মটৰ, হাৰমনীয়াম আৰু বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ। পুৱাৰ ভাগত বিদ্যালয়ৰ কৰ্মচাৰী উপস্থিত হোৱাত প্রত্যক্ষ কৰে সমগ্ৰ ঘটনা।

লগে লগে বিদ্যালয়ৰ কৰ্মচাৰী জনে অধ্যক্ষ কল্পনা দেৱীক অৱগত কৰে ঘটনাৰ বিষয়ে। অধ্যক্ষ গৰাকীয়ে আৰক্ষীক খবৰ দিয়াত বিদ্যালয়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বিদ্যালয়ৰ চিচিটিভিত ধৰা পৰে সমগ্ৰ দৃশ্য।

আৰু পঢ়ক: বোকাজান আৰক্ষীৰ জালত ৬ টাকৈ গভাইত চোৰ…

assam mangaldai