/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f03229e9-7454-4b02-9b1a-a87315569483/aasu1.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদত। ছাত্ৰ সন্থাই শুকুৰবাৰে মঙলদৈ চহৰৰ ১৫ নং ৰাষ্ট্ৰীয় পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী ছাত্ৰ নেতৃত্বই অসম চৰকাৰ হায় হায়,মুখ্যমন্ত্ৰী হায় হায়, যোগান মন্ত্ৰী হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসক নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ বাবে দৰং জিলা ছাত্ৰ সন্থাই দাবী জনায় ৷
উক্ত কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পৰেশ চহৰীয়া, সম্পাদক সত্যৰঞ্জন ডেকা, ৰাজ্যিক বৃত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰাগ চহৰীয়াৰ লগতে ভালেসংখ্যক জিলা ছাত্ৰ সন্থাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Also Read: ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা বিদ্যাসাগৰ তালুকদাৰক সম্বৰ্ধনা