অত্যাধিক কৰৰ পৰা পৰিত্ৰাণ পাবলৈ ওলাই আহিল জনতা...

ৰাজ্য চৰকাৰে পৌৰ সভা এলেকাত নতুনকৈ কৰ বৰ্ধিত কৰাৰ সিদ্ধান্তৰ পিছতে শনিবাৰে পৌৰ সভা এলেকাৰ সহস্ৰ ৰাইজে ওলাই আহি পাতিলে ৰাইজমেল।

author-image
Asomiya Pratidin
New Update
অত্যাধিক  কৰৰ পৰা পৰিত্ৰাণ পাবলৈ ওলাই আহিল জনতা...

ডিজিটেল সংবাদ, মঙলদৈঃ অত্যাধিক কৰৰ পৰা পৰিত্ৰাণ পাবলৈ ওলাই আহিল মঙলদৈ পৌৰ সভাৰ ৰাইজ। ৰাজ্য চৰকাৰে পৌৰ সভা এলেকাত নতুনকৈ কৰ বৰ্ধিত কৰাৰ সিদ্ধান্তৰ পিছতে শনিবাৰে পৌৰ সভা এলেকাৰ সহস্ৰ ৰাইজে ওলাই আহি পাতিলে ৰাইজমেল।

Advertisment

মঙলদৈৰ সনাতন ধৰ্ম সভাৰ সভা গৃহত হোৱা এই ৰাইজমেলত পৌৰ সভা এলেকাৰ সহস্ৰ ৰাইজে পৌৰ কৰৰ বিৰোধিতা কৰি বিভিন্ন জনে মন্তব্য কৰিলে।

ৰাইজ মেলৰ সিদ্ধান্ত লয় যে প্ৰথম অৱস্থাত পৌৰ এলেকাৰ প্ৰতিটো পৰিয়ালে এই বৰ্দ্ধিত কৰৰ বিৰুদ্ধে পৌৰ সভাক আপত্তি দৰ্শাব লগতে উমৈহতীয়া ভাবেও পৌৰ কৰৰ বিৰুদ্ধে পৌৰ সভাক আপত্তি দৰ্শাব । পৰৱৰ্তী সময়ত আন্দোলনৰ কথাও আলোচনা কৰে আজিৰ ৰাইজ মেলত। এই বৰ্দ্ধিত পৌৰ কৰ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আশা কৰিছে ৰাইজ মেলত।

Also Read: পে পে পে বা শুই যোৱাৰ নহয়! খবৰ সত্যজিতৰ...