চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ মঙলদৈত প্ৰতিবাদ…

চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ মঙলদৈত প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
চৰকাৰী কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ মঙলদৈত প্ৰতিবাদ…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত থকা জলসম্পদ বিভাগৰ মধ্য অসম অনুসন্ধান সংমণ্ডল কাৰ্যালয়টো বিশ্বনাথ চাৰিআলিলৈ স্থানান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ।

Advertisment

কিন্তু প্ৰায় ৫০ বছৰৰ অধিক পুৰণি কাৰ্যালয়টো হঠাৎ মঙলদৈৰ পৰা নিব বিচৰাত আপত্তি প্ৰদৰ্শন কৰে দৰং জিলা কৰ্মচাৰী পৰিষদ, দৰং জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা কমিটিয়ে ।
কাৰ্যালয়টো মঙলদৈৰ এটা সম্পদ বুলি কৈ এই কাৰ্যালয়টো উঠাই নিদিবলৈ চৰকাৰক আহ্বান জনায় কৰ্মচাৰী পৰিষদে ।

সম্পূৰ্ণ আন্তঃগাঁঠনি আৰু প্ৰয়োজনীয় কামকাজ সমূহ সুন্দৰকৈ পালন হৈ থকাৰ পিছতো চৰকাৰে কিয় এনে পদক্ষেপ ল'ব বুলি প্ৰশ্ন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । লগতে তিনিওটা সংগঠনে কাৰ্যালয়টো স্থানান্তৰ নকৰিবলৈ দৰঙৰ উপায়ুক্তৰ জৰিয়তে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

আৰু পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

assam mangaldai protest