ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল সংবাদ,নগাঁও: নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে সমাজত সজাগতা সৃষ্টি কৰাৰ অৰ্থে নগাঁও আৰক্ষীয়ে আয়োজন কৰিছিল এক চুটি ছবি প্ৰতিযোগিতাৰ ৷

আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাখনিৰ ফলাফল শুকুৰবাৰে ঘোষনা কৰা হৈছে ৷ বিশিষ্ট চলচিত্ৰ নিৰ্মাতা তথা সমালোচক পাৰ্থজিৎ বৰুৱা বিচাৰক হিচাপে থকা প্ৰতিযোগিতা খনিত শ্ৰেষ্ঠ স্থান লাভ কৰে জেমিৰ " ফ্লেচ বেকে " ৷ দ্বিত্বীয় স্থান লাভ কৰে জ্যোতি গায়নৰ " আনটাইটেল্ডে " ৷ তৃতীয় স্থান লাভ কৰে হীৰক জ্যোতি নাথৰ " ড্ৰাগছ কিল দ্যা নিউ জেনেৰেশ্যন " নামৰ চুটি ছবি খনে ৷

ইয়াৰ বাহিৰেও আন চাৰিখন চুটি ছবিয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে ৷ এই ছবি কেইখন হৈছে গৌৰাংগ বৰাৰ " চয়ছ " , উৎপল কলিতাৰ " অৰ্নভ্ৰ" বিশ্বজিৎ দাসৰ " আনটাইটেল্ড " আৰু " অন্তৰাল- ৱাৰ অফ হ'প " ৷ উল্লেখ্য বিচাৰকৰ বিশেষ বঁটা লাভ কৰা উৎপল কলিতা আৰু বিশ্বজিৎ দাস দুয়ো সংবাদকৰ্মী ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in