/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f3a4b498-3145-4cf7-98a7-817b8f8d1bed/ouui.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: বৃহস্পতিবাৰে বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ সন্মুখত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি অধিবক্তা শ্বাহ নাৱাজ হুছেইনক এটি তিনিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। হুছেইন গুৰুতৰভাৱে আহত হোৱা হেতুকে তেওঁক প্ৰথমে ধুবুৰী চিলাৰায় নাৰ্চিহোমত লৈ গৈছিল যদিও পিছলৈ অৱস্থা সংকটজনক বুলি গম পাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল।
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে তাৎক্ষণিক ভাৱে দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হ'ক আৰু কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ সময়সীমা বান্ধি দিয়ে ধুবুৰী প্ৰশাসনক।
পৰিষদৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞাই দুৰ্বৃত্তৰ এনে পৰিকল্পিত আক্ৰমণত গভীৰ উদ্বেগ প্ৰকাশ কৰি যুক্তিৰে বলে নোৱাৰি অপশক্তিয়ে শাৰীৰিক আক্ৰমণ কৰা কাৰ্যক চোকা ভাষাৰে ভৎসৰ্না কৰে আৰু অসমৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লৈ খিলঞ্জীয়া সকলৰ নিৰপত্তা সুনিশ্চিত কৰিবলৈ অনুৰোধ জনায়। ইফালে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ঘটনাৰ সুবিচাৰ নাপালে গোটেই অসমজুৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে। ইতিমধ্যে সংগঠনটোৰ ক্ষুব্ধ কেডাৰসকলে স্বত:স্ফুৰ্তভাৱে নামনি অসমৰ বহুকেইখন জিলাত পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে।
এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অন্যান্য জিলাৰ লগতে দৰঙতো হোৱা পৰিলক্ষিত হৈছে।সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে এই আক্ৰমণৰ ঘটনাক কাপুৰুষালি আখ্যাৰে তীব্ৰ গৰিহণা দিয়ে । লগতে দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায়।
শুকুৰবাৰে ৰাজ্য খনৰ অন্যান্য জিলা সমিতি সমূহৰ লগতে দৰং জিলা সমিতিৰ বিষয় ববীয়া আৰু সমস্য সকলে মুখত ক'লা কাপোৰ বান্ধি জিলাৰ সদৰ মঙলদৈত এই ঘটনাৰ মৌন প্ৰতিবাদ জনায়। প্ৰতিবাদস্থলীত কাৰ্যকৰী সভাপতি আবু আয়ুব আনছাৰী,উপ সভাপতি চফিকুল ইছলাম, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ , সম্পাদকদ্বয় মহিবুল হক,আলহজুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক আইনুৰ মতিন, নুৰুল হুছেইন, সদৰ আঞ্চলিকৰ সভাপতি কমৰুল ভূঞা প্ৰমুখ্যে বহু সংখ্যক বিষয় ববীয়া আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰে।
আৰু পঢ়ক: কোকৰাঝাৰত চাঞ্চল্য! কৰ্কট ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন