/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/410edff4-185c-4300-8403-154f8df0f0e9/mangal.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈ সদৰ থানাৰ অধীনৰ দুজন গৃহৰক্ষী জোৱানে খেলুৱৈৰ পৰা কাঢ়ি লৈ গ'ল ৫ হাজাৰ টকা। যোৱা ২৪ ডিচেম্বৰত মঙলদৈ ব্লক চকত দুজন কৰ্তব্যৰত গৃহ ৰক্ষী জোৱানে খেলুৱৈৰ হাতৰ পৰা ৫ হাজাৰ টকা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছিল ।
ঘটনা বিৱৰণী অনুসৰি দৰং জিলাৰ দেওমৰনৈৰ সৌৰভ নাথ নামৰ বেটমিণ্টন খেলুৱৈ আৰু তেওঁৰ বন্ধু খেলত অংশ গ্ৰহণ কৰি নিশা ১২ মান বজাত খেল খেলি মঙলদৈ ব্লক চকেৰে নিজৰ ঘৰলৈ বুলি গৈ আছিল। সেই সময়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্লক চকত গৃহ ৰক্ষী জোৱান দুজনে দায়িত্ব পালন কৰি থাকোতেই খেলুৱৈ দুগৰাকীক তালাচি চলায়।
তালাচিৰ নামত সৌৰভ নাথ আৰু বন্ধু গৰাকীক আগচি ধৰি অশালীন ব্যৱহাৰ কৰি পকেটত থকা ২০ হাজাৰ টকা আৰু কাগজ পত্ৰ কাঢ়ি ৰখাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে সৌৰভে বহু অনুনয় বিনয় কৰাৰ অন্তত ৫ হাজাৰ টকা ৰাখি অতিৰিক্ত টকা আৰু কাগজ পত্ৰ ওভোটাই দিয়ে।
তাৎপৰ্যপূৰ্ণ যে সৌৰভ গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয় ছাত্ৰ তথা দৰঙৰ বেডমিন্টন খেলুৱৈ ।সৌৰভ ঘৰলৈ গৈ পৰৱৰ্তী সময়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া অসম আৰক্ষীৰ আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তক ইমেলৰ জৰিয়তে বিতং বিৱৰণ দি অভিযোগ দাখিল কৰে।
অভিযোগ অনুসৰি মঙলবাৰে আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰশান্ত চাংমাই মঙলদৈত উপস্থিত হয।
আৰক্ষীৰ শীৰ্ষ বিষয়া ভাস্কৰ জ্যোতি মহন্তৰ নিৰ্দেশ মৰ্মে তৎকালীন ভাবে উপ আৰক্ষী মহাপৰিদৰ্শকৰ প্ৰশান্ত চাংমাই মঙলদৈত উপস্থিত হৈ দৰং আৰক্ষীৰ সহযোগত বিষটো তন্ন তন্ন কৈ সোধা পোচা অব্যাহত ৰাখিছে। লগে লগে কৰ্তব্যৰত গৃহৰক্ষী জোৱান দুজনক কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে।
পৰৱৰ্তী সময়ত এই অভিযুক্ত আৰক্ষী কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব।অভিযুক্ত গৃহৰক্ষী জোৱান দুজন হল কৰুনা কান্ত শৰ্মা আৰু ছহিদুল ইছলাম।
আৰু পঢ়ক: ৰূপহীহাটত আৰক্ষীৰ জালত কুখ্যাত ডকাইত