মঙলদৈ জিলা মইনা পাৰিজাত নতুন সমিতি গঠন

দেওবাৰে মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত মঙলদৈ জিলা মইনা পাৰিজাতৰ ৬৩ সংখ্যক দ্বিবাৰ্ষিক পৰিষদীয় সভাখন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মঙলদৈ জিলা মইনা পাৰিজাত নতুন সমিতি গঠন

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত মঙলদৈ জিলা মইনা পাৰিজাতৰ ৬৩ সংখ্যক দ্বিবাৰ্ষিক পৰিষদীয় সভাখন অনুষ্ঠিত হয়। পুৱা ন বজাত মঙলদৈ জিলা মইনা পাৰিজাতৰ পতকা উত্তোলন কৰে মঙলদৈ জিলা মইনা পাৰিজাত পতকা উত্তোলন কৰে সদ্য প্ৰাক্তন সভাপতি ড মৃণ্ময় কুমাৰ নাথে। পুৱা ৯-৩০ বজাত স্মৃতি অৰ্পণ কাৰ্যসূচীত মূখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰে মঙলদৈ জিলা মইনা পাৰিজাতৰ সদ্য প্ৰাক্তন উপ-সভাপতি হৰি শৰ্মাই।

Advertisment

সদ্য প্ৰাক্তন সম্পাদক বসন্ত শইকীয়াই আট ধৰা তথা জিলা সদ্য প্ৰাক্তন সভাপতি ড০ মৃণ্ময় কুমাৰ নাথৰ সভাপতিত্বত ১০-৩০ বজাৰ পৰা আৰম্ভ হয় পৰিষদীয় সভা। সভাত বিগত বছৰৰ সাম্পাদকীয় প্ৰতিবেদন তথা হিচাপ পৰিক্ষকৰ প্ৰতিবেদন সভাই গ্ৰহণ কৰা হয়। বিগত ২০১৯-২০২৩ বৰ্ষৰ বৰ্ষৰ সমিতিৰ হৈ সভাপতি ড মৃণ্ময় কুমাৰ নাথৰ পদত্যাগ কৰাৰ পিছতে আগন্তুক ২০২৩-২০২৫ বৰ্ষৰ বাবে নতুন সমিতি গঠন প্ৰক্ৰিয়া আগবাঢ়ে।

প্ৰথম অৱস্থাত তিনি গৰাকী ক্ৰমে ড০ মৃণ্ময় কুমাৰ নাথ,এনি ভূঞা আৰু পংকজ শৰ্মাৰ নাম সভাপতি হিচাপে প্ৰস্তাৱ কৰা হয় যদিও বহু আলোচনাৰ পিছত পংকজ শৰ্মাক সভাপতি হিচাপে বাছনি কৰা হয়। প্ৰবীণ বৰুৱা সম্পাদক হিচাপে বাছনি কৰা হয়।

মঙলদৈ জিলা মইনা পাৰিজাতৰ ২০২৩-২০২৫ বৰ্ষৰ বাবে উপদেষ্টা হিচাপে জীতেন ভাগৱতী, সূৰ্য কুমাৰ নাথ,হৰিচন্দ শৰ্মা,মকুন্দ ডেকাক বাচনি কৰা হয় লগতে আগন্তুক দুই বছৰৰ বাবে ডাঃ মৃনময় কুমাৰ নাথক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ সদস্য হিচাপে বাছনি কৰা হয়।

একেদৰে দিলীপ ডেকাআৰু কুমুদ দাসক উপ-সভাপতি,দ্বিপেন বৰুৱা, আৰু কালীন্দ্ৰ বৰুৱাক সহকাৰী সম্পাদক।দিব্যজ্যোতি ডেকা পংকজ চৰকাৰ আৰুবিনীতা ডেকাক সাংগঠনিক সম্পাদক , ৰাহুল ডেকা,সাংস্কৃতিক সম্পাদক হিচাপে বাছনি কৰা হয়।

আনহাতে জিলা মইনা পাৰিজাতৰ ন্যাস সমিতিৰ সম্পাদক হিচাপে বিপুল ডেকা আৰু আনোৱাৰ হুছেইনক সভাপতি হিচাপে বাছনি কৰা হয়।

আৰু পঢ়ক: 'তোমাৰ বাবে মৰিবও পাৰিম'-লগে লগে ফাৰুক আলমে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

mangaldai