মুখ্যমন্ত্ৰী মহোদয়, আমাৰ 'অনুৰ' কি হ'ব ?

য'ত লিখা থাকিব- বলিউডৰ বিগ বাজেটৰ বা শ্বাহৰুখ, আমিৰ , অক্ষয় , অমিতাভ আদিৰ দৰে তাৰকাৰ ছবি মুক্তি পোৱাৰ সময়ত কোনোৱে অসমত অসমীয়া ছবি মুক্তি দিব নোৱাৰিব।
মুখ্যমন্ত্ৰী মহোদয়, আমাৰ 'অনুৰ' কি হ'ব ?

মৃদুল কুমাৰ সন্দিকৈ

পাঠানৰ বাবে আপুনি বহু কৰিলে। মুম্বাইৰ পৰা শ্বাহৰুখ খানে পুৱতি নিশা ফোন কৰাৰ পাছত আপুনি অভয় বাণী শুনালে। পিছে কি হ'ব আমাৰ 'অনুৰ'। অনুৰ সমস্যাৰ কথা হয়তো আপুনি গ'ম পোৱা নাই। ভয়ানক বিপদত পৰিছে অনুৰ।

পাঠানতকৈ ভয়ানক বিপদ। শ্বাহৰুখতকৈ দুচিন্তাত পৰিছে মঞ্জুল বৰুৱা। আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশ লৈ কলা সন্মত অসমীয়া ছবিৰে প্ৰশংসা বুটলা এইগৰাকী চলচ্চিত্ৰ পৰিচালক হতাশ হৈ পৰিছে।

৬-৭ মাহ ধৰি তেওঁ প্ৰচাৰ চলাইছিল। দৰ্শকৰ কাষলৈ এখন ভাল অসমীয়া ছবি নিবৰ বাবে ২৪ মে' ২০২২তে অসমৰ চিনেমা হলবোৰ বুক কৰিছিল। ৰাজ্যত মাত্ৰ ৩১ টা চিনেমা হল বিচাৰিছিল তেওঁ। কিন্তু 'পাঠান'ৰ বাবে লাগিছে খেলি মেলি।

'পাঠান'ৰ বাবে অনুৰ নামৰ তেওঁৰ পৰিচালিত ছবিখন ২৭ জানুৱাৰী ২০২৩ ত মুক্তি দিবৰ বাবে সাজু হৈও ছবিগৃহ সমূহৰ লগতে বিতৰকৰ পৰা সেউজ সংকেত নোপোৱাৰ বাবে এতিয়া অনিশ্চিয়তাত পৰিছে তেওঁ।

প্ৰশ্ন কৰিছে মঞ্জুল বৰুৱাই ইমান প্ৰস্তুতিৰ পাছতো কিয় অসমীয়া ছবিৰ বাবে অসমতে চিনেমা হলবোৰত ঠাই নাই? অনুৰাধা শৰ্মা পূজাৰী, ডা০ জাহানাৰা বেগম, বলিউজৰ অভিনেতা ৰজত কাপুৰ, তৰালী শৰ্মা, দেৱজিৎ চাংমাই, অমৃত প্ৰীতম, গৰিমা শইকীয়া গাৰ্গ, ডা০ জয়ন্ত দাস, সুমন দুৱৰা, বলোৰাম দাস আদি প্ৰতিভাশালী লোক সকলৰ সৃষ্টিয়ে কি অসমত এটা দৰ্শনীৰ বাবেও চিত্ৰগৃহ পাবলৈ যোগ্যতা নাই নেকি?

'শিৱম ক্ৰিয়েচন'ৰ বেনাৰত ডা০ গোপেন্দ্ৰ মোহন দাসৰ প্ৰযোজনাৰে নিৰ্মাণ কৰা 'অনুৰ' নামৰ অসমীয়া চলচ্চিত্ৰ খনৰ এতিয়া এই দুৰৱস্থা। অনুৰাধা শৰ্মা পূজাৰী 'এজন পুৰুষ আৰু এজন নাৰী' শীৰ্ষক গল্প সংকলনৰ পৰা 'ভালপোৱৰ সময়' গল্পটোৰ আধাৰত মঞ্জুল বৰুৱাই এই ছবি নিৰ্মাণ কৰিছিল।

ছবিখনৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা মঞ্জুল বৰুৱাৰ। চিনেমাটোগ্ৰাফী সুমন দুৱৰাৰ, চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ, মুম্বাইত প্ৰতিষ্ঠিত দেৱজিৎ চাংমাইৰ দৰে লোক ইয়াৰ লগত জড়িত।

মুক্তিৰ পূৰ্বেই ভাৰতৰ বিখ্যাত কেৰেলাৰ আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল ছবিখন। 'ইণ্ডিয়ান চিনেমা নাউ' শাখাত দেশৰ ৭ খন চলচ্চিত্ৰৰ ভিতৰত অনুৰো অন্তৰ্ভুক্ত হৈছিল।

তেনে এখন ছবিৰ এই দশা অসমত। কানীন, অন্তৰীণ আদি ছবিৰে ৰুচিবোধ থকা দৰ্শকৰ মন জয় কৰিব পৰা মঞ্জুল বৰুৱাৰ সৃষ্টিক এনে অনাদৰ। অসমীয়া ছবি এনে হাজাৰ সমস্যাৰ বাবে আৰু উদ্যোগটোক পুনৰজ্জীৱিত কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছিল অসম চলচ্চিত্ৰ নীতি।

এই নীতিৰ ২৭ নং দফাত উল্লেখ আছে যে- অসমীয়া চিনেমাৰ(ৰেগুলেশ্যন)এক্ট ১৯৫৩ ৰ অধীনত ৰাজ্যৰ আঞ্চলিক ভাষাৰ ছবি চিনেমা গৃহ সমূহে প্ৰযোজকে বিচৰা ধৰণে এটা হলেও প্ৰাইম টাইম দৰ্শনী দিব লাগিব। সেই নীতিত কোৱা হৈছে এইদৰে- ''27. The general administration department being the administering department for assam cinema (regulation) Act 1953 and rules framed there under, will suitably amend the act and rules thereto as follows-

1) one prime time show in the theaters(as preferred by producer) is compulsory for regional films of Assam.''

এতিয়া সেই নীতিয়ে মানিব নুখুজে চিত্ৰগৃহ সমূহৰ মালিক পক্ষই। তেওঁলোকৰ মতে এই নীতিক গেজেট নোটিফিকেশ্যন হোৱা নাই। প্ৰশ্ন উঠে, যদি এই নীতি আইনগত বৈধতাক লৈ তেওঁলোকে প্ৰশ্নই তুলিব পাৰে তেনেহ'লে কিহৰ আধাৰত চিত্ৰগৃহ সমূহৰ মালিক সকলে চৰকাৰী ৰাজসাহায্য গ্ৰহণ কৰিলে।

এতিয়া এখন অসমীয়া চিনেমা মুক্তি দিয়াৰ সময়ত তেওঁলোকে পাভ লুটি মাৰিছে। আনকি একাংশ বিতৰকে খোদ সাংস্কৃতিক মন্ত্ৰীৰ উপস্থিতিত চলচ্চিত্ৰখনৰ পৰিচালককে দোষ জাপি দিব খুজিছে।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ২৩ জানুৱাৰী ২০২৩ ত এখন সভা অনুষ্ঠিত হৈছিল। এই সভাত ৰাজ্যিক চলচ্চিত্ৰ নীতি সংশোধনীক লৈ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। প্ৰসংগক্ৰমে ওলাইছিল অনুৰ নামৰ ছবিখনৰ কথা।

অসমৰ ছবিগৃহৰ এজন মালিক আৰু প্ৰভাৱশালী লোকে প্ৰশ্ন কৰিছিল পাঠান ছবিৰ মুক্তিৰ সৈতে একেলগে এই খন অসমীয়া ছবি কিয় মুক্তি দিব লাগে। লগতে তেওঁ যোৱা ৩ সপ্তাহে কোনো ছবি মুক্তি নোপোৱা সময়খিনিত এই ছবিখন মুক্তি দিব নোৱাৰিলেহেতেন বুলি প্ৰশ্ন তুলিছে।

প্ৰশ্ন উঠিছে, ছবিগৃহৰ মালিক সকললৈ। তেওঁলোকে পাঠান ছবিক লৈ ব্যৱসায় কৰক। কিন্তু এখন অসমীয়া ছবিক এটা শ্ব'ৰ বাবে সময় দিব নোৱাৰা যুক্তি ক'ত? পৰিচালক মঞ্জুল বৰাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক'লে- আমাক মাত্ৰ দিনটোত এটা শ্ব'ৰ বাবে সময় দিব কৈছিলো। সেয়াও দিব খোজা নাই তেওঁলোকে। মাজত মাত্ৰ ৩ দিন। এতিয়ালৈকে অনিশ্চিয়তাতে আছো।

বিষয়টো তেওঁলোক 'অসম ফিল্ম ফাইনেন্স ডেভলপমেন্ট কপাৰেশ্যনক' জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দুদিনৰ আগলৈকে হিন্দী ছবিৰ বিপৰীতে অসমীয়া ছবিৰ হকে মাত মাতিছিল। ডাঃ বেজবৰুৱা চাম আৰু চাব লাগে বুলি কৈছিল।

এতিয়া অসমত অসমীয়া ছবি নিৰ্মাণ কৰি চিত্ৰগৃহ নোপোৱাৰ বাবে মুক্তি দিয়াৰ সমস্যাৰ সৃষ্টি হৈছে। বলিউডৰ ছবি বিতৰ্কৰ শক্তিশালী লবী আৰু হাতোৰাৰ কবলত অসমীয়া ছবি উদ্যোগ।

পাঠানক লৈ বহুতে মাত মাতিছে। অসমীয়া ছবিৰ বাবেও এতিয়া মাত মতাৰ সময়। চৰকাৰৰ অসমীয়া ছবিৰ ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়া উচিত। নহলে সংশোধিত কৰিব লগা ৰাজ্যিক চলচ্চিত্ৰ নীতিতেই এটা বিশেষ দফা সংযোজন কৰি দিয়া ভাল।

য'ত লিখা থাকিব- বলিউডৰ বিগ বাজেটৰ বা শ্বাহৰুখ, আমিৰ , অক্ষয় , অমিতাভ আদিৰ দৰে তাৰকাৰ ছবি মুক্তি পোৱাৰ সময়ত কোনোৱে অসমত অসমীয়া ছবি মুক্তি দিব নোৱাৰিব।

'অনুৰ' ক্ষেত্ৰত এতিয়া সেয়াই হৈছে। পাঠানে গিলিছে অনুৰক।শ্বাহৰুখ খানৰ দৰে প্ৰভাৱশালী নোহোৱাৰ বাবে হয়তো হেৰাই যাব এনেকৈয়ে আমাৰ অনুৰ, অসমীয়া ছবি অনুৰ...

আৰু পঢ়ক: হেল্ল' মে শ্বাহৰুখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in