মঙলদৈ পৌৰসভাত পতাকা বিক্ৰীৰ প্ৰস্তুতি…

মঙলদৈ পৌৰসভাত পতাকা বিক্ৰীৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
মঙলদৈ পৌৰসভাত পতাকা বিক্ৰীৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, মঙলদৈ: স্বাধীনতাৰ ৭৫ বছৰ জয়ন্তী,"আজাদী কা অমৃত মহোৎসব"উপলক্ষে দৰং জিলাৰ মঙলদৈ পৌৰসভাত ২৭ শ পতাকা বিক্ৰীৰ বাবে প্ৰস্তুতি কৰে ।১৩,১৪আৰু১৫ আগষ্টত দেশজুৰি স্বাধীনতা উৎসৱ উদযাপন কৰা ব্যৱস্থা কৰা হৈছে ।

Advertisment

তদুপলক্ষে প্ৰতিটো পৰিয়ালত এখন কৈ ভাৰতৰ জাতীয় পতাকা যোগান ধৰিবলৈ আত্ম সহায়ক গোটৰ মহিলা সকলক জাতীয় পতাকা প্ৰস্তুত ,বিক্ৰী আৰু বিতৰণৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ।

মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰতি সহাৰি জনাই সোমবাৰে দৰং জিলাৰ মঙলদৈ সদৰৰ জয়ন্ত হাজৰিকা উদ্যানত এখনি পতাকা বিপনী কেন্দ্ৰ স্থাপন কৰে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধিনত। এই বিপনী খনে মঙলদৈ পৌৰসভা এলেকাত জাতীয় পতাকাৰ যোগান ধৰিব। বিপনী কেন্দ্ৰ খন উদ্বোধন কৰে মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালি দেৱী।

আৰু পঢ়ক: অমিত শ্বাহ নহয় নৰেন্দ্ৰ মোডীয়েই হ'ব ২০২৪ ত বিজেপিৰ প্ৰধানমন্ত্ৰী !

assam mangaldai