প্ৰত্যাহাৰ কৰা হল ৪ কংগ্ৰেছী সাংসদৰ নিলম্বন…

প্ৰত্যাহাৰ কৰা হল ৪ কংগ্ৰেছী সাংসদৰ নিলম্বন…

ডিজিটেল ডেস্কঃ সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰত্যাহাৰ কৰিলে ৪ কংগ্ৰেছী সাংসদৰ নিলম্বন । সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিলম্বন প্ৰত্যাহাৰ সন্দৰ্ভত এক প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে অধ্যক্ষ ওম বিৰলাই ৪ কংগ্ৰেছী সাংসদ মণিকাম ঠাকুৰ, ৰাময়া হৰিদাস, এছ জথিমানী আৰু টি এন প্ৰথাপনৰ নিলম্বন প্ৰত্যাহাৰ কৰে ।

যোৱা সোমবাৰে সংসদত প্লেকৰ্ড লৈ প্ৰতিবাদ কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিলম্বন কৰিছিল এই সংসদ ৪ গৰাকীক । উল্লেখ্য যে এই পৰ্যন্ত উভয় সদনৰ ২৭ গৰাকী সংসদক নিলম্বন কৰা হৈছে । এই সকলৰ মাজত আছে অসমৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in