মঙলদৈত মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য…

মঙলদৈত মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য…

author-image
asomiyapratidin
New Update
মঙলদৈত মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি চাঞ্চল্য…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ ভেবাৰঘাটৰ লাৱনি চ'কৰ এয়াৰটেল টাৱাৰৰ তলত মঙলবাৰে দুপৰীয়া এক মৃতদেহ উদ্ধাৰ হয়। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত মঙলদৈ আৰক্ষীক খবৰ দিয়ে ।

Advertisment

জানিব পৰা মতে মৃতদেহটো প্ৰফুল্ল নগৰ (লাৱনী চক)নিবাসী তিলক ডেকাৰ ২৫ বছৰীয়া একমাত্ৰ পুত্ৰ দিব্যজ্যোতি ডেকাৰ।

ইতিমধ্যে মৃতদেহ টি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসাললৈ প্ৰেৰন কৰে মঙলদৈ আৰক্ষীয়ে। কি কাৰণে যুৱক জনৰ মৃত্যু হ'ল এয়া জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: নগাঁৱত প্ৰথমখন ধঁপাত মুক্ত বিদ্যালয় ঘোষণা…

assam mangaldai